দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে ৷যোৱা নিশা প্ৰায় ২ বাজি ৫০ মিনিটত তেওঁ যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষনিশ্বাস ত্যগ কৰে ৷ দীর্ঘদিন ধৰি যকৃতৰ অসুখত ভূগি আছিল সাংবাদিকজনে ৷ কালি তেওঁ অধিক অসুস্থ হৈ পৰাত হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷ আইচিইউত তেওঁক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও নিশা মৃত্যু ঘটে ৷
কেইবাটাও আগশাৰীৰ সংবাদপ্ৰতিষ্ঠানৰ লগতে দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰদলৈয়ে।