কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অসুৰক্ষিত হৈ পৰিছে বন্য জীৱ-জন্তু ৷ উদ্যানখনৰ জীৱ-জন্তুসমূহ পুনৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ আশংকাই দেখা দিছে ৷ কিয়নো বিগত কেইবাদিনো ধৰি বিকল হৈ আছে কাজিৰঙাৰ এনিমেল কৰিড’ৰত স্থাপন কৰা চেন্সৰ কেমেৰা। যোৱা ৩ নবেম্বৰৰ পৰা কেমেৰা আৰু স্পীড চেন্সৰ নিস্ক্ৰীয় হৈ আছে বুলি জানিব পৰা গৈছে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টা এনিমেল কৰিড’ৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছিল ।এই প্ৰকল্পৰ ব্যয় আছিল প্ৰায় ১৬ কোটি টকা ৷ অপটিকেল কেমেৰা,থাৰ্মল কেমেৰা,স্পীড চেন্সৰ,স্পীড ৰাডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰী এনিমেল কৰিড’ৰ সমূহত সংস্থাপন কৰাৰ বাবে ২০১৮ দিথিলজিক নামৰ হায়দৰাবাদৰ এটা কোম্পানীক চনত দায়িত্ব দিয়া হৈছিল ।
কিন্তু আশ্বৰ্যজনকভাৱে সম্প্ৰতি বিকল হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অত্যাধুনিক প্ৰকল্প।কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৯ টা এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কি.মি নির্দিষ্ট কৰা হৈছে ৷ কোনেও যাতে এই গতিবেগ অতিক্ৰম কৰিব নোৱাৰে তাৰ বাবে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল।
চেন্সৰ কেমেৰাসমূহৰ জৰিয়তে গাড়ীৰ নম্বৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ হৈছিল ৷ যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণলৈ আহিছিল ।
প্ৰাপ্ত তথ্য অনুসৰি হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে এই কোটিটকীয়া প্ৰকল্প নিস্ক্ৰিয় হৈ আছে ।
যোৱা ৮ মাহে দৰমহা লাভ নকৰাৰ বাবে হায়দৰাবাদলৈ উভতি গৈছে কোম্পানীটোৰ কৰ্মচাৰীসকল। কাজিৰঙাৰ স্থানীয় দল-সংগঠন তথা সচেতন মহলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীনতাক গৰিহনা দিছে ৷