বুধবাৰে নগাঁও জিলাৰ টোকলাই বেবেজীয়াত সংঘটিত হয় দুটা শোকাৱহ পথ দুর্ঘটনা ৷ দুয়োটা দুর্ঘটনাতে কৰুণ মৃত্যুক সাৱতি লয় দুগৰাকী মহিলাই ৷ নগাঁও চহৰৰ আমোলাপট্টিৰ গীতাঞ্জলি শৰ্মা আৰু জুৰীয়াৰ মুশ্চিৰ্দা ফেৰদৌজৰ মৃত্যু হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি নিহত গীতাঞ্জলি শৰ্মাই কন্যাৰ বিবাহৰ অভ্যৰ্থনাৰ বাবে নিমন্ত্ৰন জনাবলৈ গৈছিল ৷ ডিচেম্বৰত গীতাঞ্জলি শৰ্মাৰ কন্যাৰ বিবাহৰ দিন ঠিক কৰা হৈছিল ৷ স্বামীহাৰা গীতাঞ্জলি শৰ্মাই কন্যাৰ বিবাহৰ বজাৰ সমাৰৰ পৰা নিমন্ত্ৰণ জনোৱালৈকে সকলো কাম নিজে তদাৰক কৰি থকাৰ মাজতে এই ঘটনাটো সংঘটিত হয় ৷ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে গীতাঞ্জলি শৰ্মাই ৷
ইফালে মেধাৰ বলত লাভ কৰা স্কুটী গ্ৰহণ কৰিবলৈ নাপালে মুৰ্শ্বিদা ফেৰদৌজৰ ৷ জুৰীয়া চামধৰাৰ মুৰ্শ্বিদাই পিতৃ হাবিবুৰ ৰহমানৰ সৈতে এ এছ ০২ এ ডি ৬৮৭৩ নম্বৰৰ মটৰ চাইকেলৰে নগাঁৱলৈ আহিছিল ৷ মুৰ্শ্বিদাই লাভ কৰা স্কুটিৰ বাবে গনপতি হিৰ’ নামৰ প্ৰতিস্থানটিত নথি পত্ৰ জমা দিবলৈ আহিছিল ৷
আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে নেহৰুবালিত মুৰ্শ্বিদাই স্কুটীগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু গুৱাহাটীৰ পৰা নগাঁও চহৰলৈ অহা এ এছ ০৪ এ চি ৯৫২৭ নম্বৰৰ ট্ৰেভেলাৰৰ সৈতে মুৰ্শ্বিদা যোৱা মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষত পিতৃ আৰু কন্যা গুৰুতৰভাৱে আহত হয় ৷ পৰৱর্তী সময়ত মেধাৱী ছাত্ৰী মুৰ্শ্বিদ ফেৰদৌচৰ মৃত্যু হয় ৷ পিতৃ বৰ্তমানেও চিকিৎসাধীন ৷দূৰ্ঘটনা দুটাত আহত আন ৫জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷