ৰাজ্যৰ মাজেৰে অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ ৷ কাছাৰৰ লাইলাপুৰত উদ্ধাৰ কৰা হৈছে বিৰল প্ৰজাতিৰ সাতটা বন্যপ্ৰাণী ৷ আৰক্ষী আৰু বন বিভাগৰ তালাচীত উদ্ধাৰ কৰা হৈছে অষ্ট্ৰেলিয়ান প্ৰজাতিৰ এই ৭ টা বন্যপ্ৰাণী ৷
মিজোৰাম-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰি এই বন্যপ্ৰাণীকেইটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে মহিলাসহ ৫জন বন্যপ্ৰাণী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে । ধৃত আটাইকেউজনৰ ঘৰ মিজোৰামত ৷ এখন স্ক’ৰপিঅ’ বাহনেৰে বন্যপ্ৰাণীকেইটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ পিঞ্জৰাত আৱদ্ধ কৰি বাহনখনৰ ভিতৰত বন্যপ্ৰাণীকেইটা লৈ আহিছিল ৷ এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে বাহনখনত তালাচী চলায় বন্যপ্ৰাণীকেইটা জব্দ কৰে ৷
প্ৰাথমিক চিকিৎসাৰ অন্তত গুৱাহাটীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় বণ্যপ্ৰাণী কেইটা ৷ উল্লেখ্য যে মিজোৰাম –শিলচৰ সংযোগী ঘাইপথ ব্যৱহাৰ কৰি বন্যপ্ৰাণী বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ এটা দুষ্টচক্ৰ দীর্ঘদিন ধৰি সক্ৰিয় হৈ আছে ৷ ইয়াৰ পূর্বেও এনেদৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছিল ৷