জয়পুৰৰ কেইবাখনো বিদ্যালয়ত বোমাতংক । বিদ্যালয়খনত বোমা থকা বুলি কৰ্তৃপক্ষলৈ ভাবুকি ইমেইল প্ৰেৰণ কৰাৰ পাছতে আতংকৰ সৃষ্টি হয় ৷ তাৎক্ষণিকভাৱে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষীক অৱগত কৰা হয়।
সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুৱা জয়পুৰ চহৰৰ কমেও চাৰিখন বিদ্যালয়লৈ ভাবুকিমূলক ইমেইল প্ৰেৰণ কৰা হৈছে। ইমেইল লাভ কৰাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যালয়ৰ পৰা শিশুসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলক আঁতৰাই খৰখেদাকৈ বিদ্যালয় চৌহদ খালী কৰা হয়। আৰক্ষীয়ে বোমা নিষ্কাশন দলৰ সৈতে সেই স্থানত উপস্থিত হয়। প্ৰশিক্ষিত কুকুৰেৰে তালাচী চলায় ৷ প্ৰতিখন বিদ্যালয়তে পুংখানুপুংখভাৱে অনুসন্ধান কৰা হয়।
ডিচিপি ইষ্ট জয়পুৰ কাবেন্দ্ৰ সাগৰে সংবাদ সংস্থা এএনআইক কয়, ‘মহেশ্বৰীকে ধৰি একাংশ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰা হৈছে। সেই বিদ্যালয়সমূহত তালাচী চলাইছে বোমা নিষ্কাষণ দলটোৱে। ইমেইলটো প্ৰেৰকৰ সন্ধান আৰম্ভ হৈছে।”
ইয়াৰ পূৰ্বে দেওবাৰেও জয়পুৰত বোমাতংক বিয়পি পৰিছিল ৷ বিমানবন্দৰ আৰু চিকিৎসালয়ত বোমা স্থাপনৰ ভাবুকি মেইলযোগে প্ৰেৰণ কৰা হৈছিল। ৰোগীক চিকিৎসালয়ৰ পৰা উলিয়াই অনা হৈছিল । অৱশ্যে তালাচীৰ অন্তত কোনো বোমা নাই বুলি নিশ্চিত হোৱাত ৰোগীক পুনৰ সঠিক স্থানলৈ লৈ যোৱা হয়। এদিন পিছত এইবাৰ মহানগৰীৰ বিভিন্ন বিদ্যালয়লৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছে। এই ইমেইলসমূহ কোনে প্ৰেৰণ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য কি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে।