দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ একাংশ স্পা ৷ মালিছ অথবা সৌন্দর্য্য চর্চাৰ নামত দেহ ব্যৱসায়েৰে সহজে ধন ঘটাৰ পথ বাছি লৈছে এইসমূহ স্পাই ৷ বিশেষকৈ একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱতীক ধনৰ প্ৰলোভন দি এই স্পাসমূহে ৰমৰমীয়া দেহ ব্যৱসায় চলাই আহিছে ৷ মঙলবাৰে নিশা মহানগৰীত পাণবজাৰ মহিলা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানত পুনৰ উন্মোচিত হ’ল স্পাসমূহৰ অবৈধ কার্যকলাপ ৷
গুৱাহাটীৰ লাচিতনগৰ –উলুবাৰী আৰু ভঙাগড় অঞ্চলত অভিযান চলাইছিল আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে ৷ এগৰাকী ভুক্তভোগী যুৱতীয়ে তৰা গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল ৷ ইয়াৰ পাছতে একাংশ গ্ৰাহকৰ লগতে ১৬ গৰাকী যুৱতীক আটক কৰা হয় কৰেইবাখনো স্পাৰ পৰা ৷ লগতে গ্ৰেপ্তাৰ কৰা হয় ৬ খন স্পাৰ স্বত্বাধিকাৰী ৷ মিলি সিনহা, পাহি দাস,উষা দৈমাৰী,জানমণি দাস,চিন্ময় শর্মা আৰু তন্ময় দাসক গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ মহিলা আৰক্ষীয়ে ৷
উল্লেখ্য যে মহাগৰীত এন অভিযোগত আৰক্ষীয়ে অভিযান চলোৱা এয়ে প্ৰথম নহয় ৷ ইয়াৰ পূর্বেও একাংশ স্পাত অভিযান চলায় আৰক্ষীয়ে দেহ ব্যৱসায়ৰ তথ্য লাভ কৰিছিল ৷য’ত গ্ৰাহক হৈছে বহু সম্ভ্ৰান্ত ঘৰৰ সন্তান আৰু আঢ্যৱন্ত ব্যক্তি ৷চৰকাৰী নীতি নিয়ম উলংঘা কৰি এনেদৰে প্ৰায়ে স্পাসমূহত দেহ ব্যৱসায় চলি অহাৰ অভিযোগ বহু পুৰণি ৷ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতীসকলক ধনৰ প্ৰলোভন দি একাংশ স্পাৰ স্বত্বাধিকাৰীয়ে দেহ ব্যৱসায়ত লিপ্ত কৰাই আহিছে ৷ এনে অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰক্ষী আৰু মহানগৰ প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব ৷