লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে জম্মু-কাশ্মীৰত নতুন তৎপৰতা আৰম্ভ কৰিছে। বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে এই দুটা সংগঠনক ‘অবৈধ কাৰ্যকলাপ’ত লিপ্ত হোৱাৰ অভিযোগত নিষেধাজ্ঞা আৰোপ কৰে।
নিষিদ্ধ সংগঠন দুটা হৈছে —মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (সুমজী দল) আৰু মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (ভাট)। অমিত শ্বাহে এক্স হেণ্ডলে কয় “এই সকলোবোৰ সংগঠন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিৰোধী কাৰ্য্যকলাপত নিয়োজিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সন্ত্ৰাসবাদক শিপাৰ পৰা উভালি পেলাবলৈ বদ্ধপৰিকৰ আৰু অবৈধ কাৰ্যকলাপৰ লগত জড়িত যিকোনো ব্যক্তিয়ে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।
লগতে শ্বাহে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ‘নেটৱৰ্ক’ ধ্বংস কৰাৰ বাবে অনাগত দিনত মোদী চৰকাৰে অভিযান তীব্ৰতৰ কৰিব। প্ৰসংগক্ৰমে ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰে। পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখন জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয় । ইয়াৰ পিছতে কেন্দ্ৰীয় জম্মু-কাশ্মীৰৰ কেইবাটাও সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। জামাত-ই-ইছলামীৰ দৰে প্ৰভাৱশালী উগ্ৰপন্থী সংগঠনকো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।