৩০ জানুৱাৰীত সমগ্ৰ ভাৰততে পালন কৰা হয় শ্বহীদ দিৱস৷ কিন্তু আমি সকলোৱে জানোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কেইমাহমান পিছত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হয়। সেইদিনা সন্ধিয়া বিৰলা হাউচৰ গান্ধী স্মাৰকত প্ৰাৰ্থনাৰ সময়ত নাথুৰাম গডছে নামৰ এজন লোকে গান্ধীজীক গুলীয়াই হত্যা কৰে। সেয়েহে গান্ধীজীৰ মৃত্যু বাৰ্ষিকী হিচাপে ইতিহাসত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব এই ৩০ জানুৱাৰীৰ দিনটো ।
কিন্তু ইয়াৰ সমান্তৰাল ভাৱে গান্ধীজীৰ মৃত্যুৰ দিনটোক দেশবাসীয়ে শ্বহীদ দিৱস হিচাপেও উদযাপন কৰে। এই উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাজধানী দিল্লীৰ ৰাজঘাটত অৱস্থিত গান্ধীজীৰ সমাধিত উপস্থিত হয়। স্বাধীনতা সংগ্ৰামত গান্ধীজীক তেওঁৰ অৱদানৰ বাবে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলক প্ৰণাম জনাই বাপু আৰু শ্বহীদসকলৰ স্মৃতিত দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
গান্ধীজীৰ মৃত্যু বাৰ্ষিকী কিয় শ্বহীদ দিৱস হিচাপে পালন কৰা হয়?
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম প্ৰধান স্বাধীনতা সংগ্ৰামী আছিল মহাত্মা গান্ধী। সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰি যি ভাৰত এৰি যাবলৈ বাধ্য কৰাইছিল ইংৰাজসকলক ।
কোনোৱে যদি তেওঁক বাপু বুলি কয়, কোনোৱে আকৌ মাতে জাতিৰ পিতা বুলি ।কিন্তু দুয়োটাৰে অৰ্থ একে৷ প্ৰতিজন ভাৰতীয়ৰ পিতৃস্বৰূপ তেওঁ৷
যি নিজে অহিংস নীতিৰে স্বাধীনতাৰ বাবে যুঁজিছিল আৰু ভাৰতীয়সকলক এই যুদ্ধত পথ প্ৰদৰ্শন কৰিছিল।
কিন্তু বাপুৰ মৃত্যু বাৰ্ষিকীৰ বাহিৰে ৩০ জানুৱাৰী দিনটো ইতিহাসৰ বুকুত এক বিশেষ দিন ৷ সেয়েহে এই দিনটোত সমগ্ৰ ভাৰততে পালন কৰা হয় শ্বহীদ দিৱস৷
কাৰণ ইতিহাসৰ পাতত ৩০জানুৱাৰী দিনটোৰ আছে এক মহত্ব –
১৫৩০চনৰ ৩০জানুৱাৰী: মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহৰ মৃত্যু।
১৯০৩ চনৰ ৩০জানুৱাৰী: লৰ্ড কাৰ্জনে কলিকতাৰ ইম্পেৰিয়েল লাইব্ৰেৰী উদ্বোধন কৰে, স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি নেচনেল লাইব্ৰেৰী কৰা হয়।
১৯৪৮ চনৰ ৩০জানুৱাৰী: মহাত্মা গান্ধীৰ হত্যা।
১৯৭১চনৰ ৩০জানুৱাৰী: ইণ্ডিয়ান এয়াৰলাইন্সৰ ফকাৰ ফ্ৰেণ্ডশ্বিপ বিমান লাহোৰৰ পৰা অপহৰণ কৰি ধ্বংস কৰা হয়।
১৯৮৫ চনৰ ৩০জানুৱাৰী: লোকসভাই পলায়ন বিৰোধী আইন প্ৰণয়ন কৰে।
২০০৭চনৰ ৩০জানুৱাৰী: আন্তঃৰাষ্ট্ৰীয় চুক্তিত ভাৰতীয় বিশাল উদ্যোগিক প্ৰতিষ্ঠান টাটাই এংলো ডাচ তীখা নিৰ্মাণ কোম্পানী ক’ৰাছ গ্ৰুপক ১২ বিলিয়ন ডলাৰতকৈও অধিক মূল্যত ক্ৰয় কৰে।
অৱশ্যে ভাৰতত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস ।বীৰ শ্বহীদসকলৰ স্মৃতিত ৩০ জানুৱাৰীৰ উপৰিও ২৩ মাৰ্চ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। অৱশ্যে দুটা বেলেগ বেলেগ তাৰিখত শ্বহীদ দিৱস উদযাপন কৰাক লৈ মানুহ বিভ্ৰান্ত হৈয়েই আছে। অৱশ্যে দুয়ো শ্বহীদ দিৱসৰ মাজত পাৰ্থক্য আছে। কাৰণ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক হত্যা কৰা হয় আৰু ১৯৩১ চনৰ ২৩ মাৰ্চত স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচী দিয়া হয়।
সেয়েহে ২৩ মাৰ্চত পালন কৰা হয় অমৰ শ্বহীদ দিৱস আৰু ৩০জানুৱাৰীত পালনকৰা হয় শ্বহীদ দিৱস