বাংলাদেশৰ অলৰাউণ্ডাৰ শ্বাকিব আল হাছানে কালি টি২০ বিশ্বকাপত সৰ্বাধিক উইকেট লাভৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। কালি শ্ৰীলংকাৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰি শ্বাকিবে দুটা উইকেট লাভৰ কৰাৰ লগে লগে চৈয়দ আফ্ৰিদীৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়ে।
চৈয়দ আফ্ৰিদীয়ে ৩৪ খন খেলত মুঠ ৩৯ টা উইকেট লাভ কৰি ৰেকৰ্ড গঢ়িছিল। শ্বাকিবে ২৯ খন খেলত ৪১ টা উইকেট লাভৰ কৰি আফ্ৰিডীৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে।