প্ৰতি বছৰৰ দৰেই শক্তিপীঠ কামাখ্যা মন্দিৰত এইবাৰো অনুষ্ঠিত হৈছে নৱৰাত্ৰি। এই উপলক্ষে সজাই-পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ ৷ ফুলেৰে মন্দিৰটো সজাই তোলাৰ লগতে আকর্ষনীয় আলোকসজ্জাৰে আলোকিত কৰি তোলা হৈছে ৷ নৱৰাত্ৰিত দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা-অৰ্চনা কৰা হয়। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ ৰূপত দেৱীক পূজা কৰা হয় । নৱৰাত্ৰিৰ প্ৰতিটো নিশাতে এটি এটি দেৱীৰ ৰূপক পৰম্পৰাগত ভাৱে পূজা –অর্চনা কৰা হয়। দেওবাৰে শৈলপুত্ৰী পূজা অনুষ্ঠিত হয়। আজি আজি অনুষ্ঠিত হয় ব্ৰহ্মচাৰিণী পূজা।নৱৰাত্ৰি উপলক্ষে শক্তিপীঠ কামাখ্যাত কুমাৰী পূজা কৰা হয়।