অৱশেষত মহাৰাষ্ট্ৰত ভংগ হ’ল শিৱসেনা নেতৃত্বাধীন এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ ৷ ইয়াৰ পাছতে নেচনেলিষ্ট কংগ্ৰেছ পার্টী(এন চি পি)ৰ মুৰব্বী শাৰদ পাৱাৰে বৃহস্পতিবাৰে টুইট কৰি কয় যে তেওঁ আয়কৰ বিভাগৰ পৰা জাননী লাভ কৰিছে ৷ তেওঁ এই জাননেখনক “লাভ লেটাৰ” বুলি অভিহিত কৰিছে। পাৱাৰে টুইট কৰি কয় “ ২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নির্বাচনী শপতনামাৰ ভিত্তিত আয়কৰৰ পৰা এখন লাভ লেটাৰ লাভ কৰিছো ৷’
কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিক পৰোক্ষভাৱে সমালোচনা কৰি প্ৰবীন নেতাগৰাকীয়ে কয় যে সংস্থাটোৱে “কিছুমান বিশেষ লোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে”৷ এই বিভাগৰ কাৰ্যক্ষমতা গুণগতভাৱে বৃদ্ধি পাইছে। ইমান বছৰ ধৰি তথ্য সংগ্ৰহ কৰাত মনোনিৱেশ কৰা, আৰু কিছুমান বিশেষ লোকৰ পৰা তথ্য সংগ্ৰহ কৰাটো যেন এক কৌশলগত পৰিৱৰ্তন।”
উল্লেখ্য যে বুধবাৰে উদ্ধৱ থাকৰেক নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কোৱাৰ পিছত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে পাৱাৰৰ এনচিপিৰ সহায়ত গঠন কৰা মহা বিকাশ আঘাৰী চৰকাৰে ক্ষমতা হেৰুৱাই পেলায়। থাকৰেই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে অংশীদাৰিত্ব কৰি দলটোৰ মূল হিন্দুত্ববাদী মতাদৰ্শৰ সৈতে আপোচ কৰা বুলি অভিযোগ কৰি একনাথ ছিন্দেৰ নেতৃত্বত ৩৯ জন বিধায়কৰ বিদ্ৰোহৰ পিছত থাকৰেৰ পিতৃয়ে প্ৰতিষ্ঠা কৰা শিৱসেনা সংখ্যালঘু দললৈ পৰিণত হয় ৷