শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ চলিছে বিশাল আয়োজন ৷ গোৱালপাৰা জিলাতো প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰুকাৰ্যৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপ সমুহ ৷ পুজাৰ মণ্ডপে মণ্ডপে চলিছে আয়োজক সমিতিৰ ব্যস্ততা ৷
ব্যতিক্ৰম নহয় ৰংজুলিও ৷ এইবাৰো শাৰদীয় দুৰ্গোৎসৱকলৈ ৰংজুলি যুৱ দূৰ্গা পূজা উদযাপন সমিতিৰ বিশাল আয়োজন ৷ এইবাৰ ৰংজুলি যুৱ দূৰ্গা পূজা উদযাপনৰ বিশেষ আকৰ্ষণ ৬০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি ৷
বিশাল আকাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছে স্থানীয় ভাস্কৰ্য শিল্পী ঘনকান্ত ৰাভাই ৷ পষেক জুৰি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম কৰি থকা শিল্পী গৰাকীয়ে দিনে নিশাই নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে ৷ ইতিমধ্যে নিৰ্মাণৰ আশী শতাংশ কাম সম্পূৰ্ণ কৰাৰ লগতে প্ৰায় দুই- আঢ়ৈ লাখ টকা খৰচ হ’ব বুলি জানিব দিছে ভাস্কৰ্য শিল্পী গৰাকীয়ে ৷
সমাজৰ পৰা অপায়অমঙ্গল দূৰ কৰাৰ উদ্যেশ্যে বিজয়া দশমীত দাহ কৰিব ৰাৱণৰ বিশাল আকাৰৰ প্ৰতিমূৰ্তি ৷ অন্যান্য বছৰৰ দৰে এইবেলিও ৰাৱণ দাহন কাৰ্যসূচীত হেজাৰ হেজাৰ ভক্ত তথা দৰ্শকৰ সমাগম হ’ব বুলি জনাইছে আয়োজক সমিতিয়ে ৷
আনহাতে শাৰদীয় দুৰ্গোৎসৱত মাংগলিক পূজা- পাৰ্বনৰ লগতে নাম- প্ৰসংগ, একাংকিকা নাট পৰিৱেশনকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা বুলি জানিব দিয়ে আয়োজক সমিতিয়ে ৷