অসম আন্দোলনৰ শ্বহীদক লৈ বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে। দলীয় অনুশাসন ভংগ কৰা বাবে বিধায়ক জনক নিলম্বন কৰিছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশনা যোগে বিধায়ক জনক নিলম্বন কৰে। ইয়াৰ পূৰ্বে দলে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।