অসম অন্দোলনৰ শ্বহীদৰ প্ৰতি অপমানসুচক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীক পুনৰ দুদিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে কামৰুপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দন্ডাধীশৰ আদালতে৷কালি আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত বিধায়কজনক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷অৰক্ষীয়ে আালীক পুনৰ ৫ দিনৰ জিম্মাত বিছাৰিছিল যদিও আদালতে তেওক দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ইপিনে, আদালতৰ নির্দেশ অনুসুৰি বিধায়কজনৰ কণ্ঠস্বৰৰ ফৰেনছিক পৰীক্ষা কৰা হয়৷ উলেখ্য যে ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদক লৈ অসম অন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে বিৰুপ মন্তব্য কৰিছিল বিধায়ক শ্বেৰমান আলীয়ে৷