জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়া অহা সপ্তাহত অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে দেশজুৰি ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷ ইয়াৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ সৃষ্টি হৈছে বিতর্কৰ ৷ দেশখনৰ লোকসকলৰ তীব্ৰ সমালোচনাৰ মাজতে অন্ত্যেষ্টিক্ৰিয়াৰ উচ্চ খৰচৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে ৷ । চলিত বৰ্ষৰ জুলাই মাহত শ্বিনজো আবেক এক ৰাজহুৱা সভাত হত্যা কৰা হৈছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আবেৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে জাপান চৰকাৰে প্ৰায় ১৬.৬৬ বিলিয়ন য়েন ব্যয় কৰিব ৷ ইংলেণ্ডৰ দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে হোৱা খৰচতকৈ এয়া অধিক বুলি চর্চা চলিছে ৷
ৰাজহুৱা পুঁজিৰে আবেৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ হোৱা বিতৰ্কই জাপানত বিক্ষোভৰ সূচনা কৰিছে ৷ য’ত কেইবাটাও অনুষ্ঠানৰ বিৰোধিতা কৰিছে। ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ আনুমানিক ব্যয় আছিল প্ৰায় ১.৩ বিলিয়ন য়েন ৷আবেৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজনৰ চুক্তি টকিঅ’স্থিত প্ৰতিষ্ঠান মুৰায়ামাক দিয়া হৈছে ৷
দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদন অনুসৰি জাপান চৰকাৰে ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ আনুমানিক ব্যয় ২৫ কোটি য়েন বুলি উল্লেখ কৰিছিল। মুখ্য কেবিনেট সচিব হিৰোকাজু মাটছুনোৰ মতে, এই অনুষ্ঠানৰ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰায় ৮০ কোটি য়েন ব্যয় হ’ব বুলি অনুমান কৰা হৈছে ৷ আনহাতে গণ্যমান্য ব্যক্তিসকলক অভ্যর্থনা কৰাত ৬০ কোটি য়েন খৰচ হ’ব বুলি আশা কৰা হৈছে।
তদুপৰি ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিল ১.৭ বিলিয়ন য়েন পৰ্যন্ত হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ চলিত সপ্তাহৰ আৰম্ভণিতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ কাৰ্যালয়ৰ সমীপত শ্বিনজো আবেৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিৰোধিতা কৰি এজন লোকে আত্মজাহ দিছিল ৷