মহানগৰীৰ বৰাগাওঁত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিৰঞ্জন দাস নামৰ এজন যুৱকৰ আক্ৰমণত নিহত হৈছে ৰীতা দাস নামৰ এগৰাকী মহিলাৰ ৷ ৰীতা দাসক চোকা অস্ত্ৰৰে উপর্যপুৰি আক্ৰমণেৰে হত্যা কৰাৰ পাছত নিৰঞ্জনেও আত্মহত্যা কৰে ৷ যোৱা নিশা সংঘটিত হৈছে এই ঘটনা ৷ ইফালে নিৰঞ্জন নামৰ যুৱকজনৰ আক্ৰমণত মৃত মহিলা গৰাকীৰ স্বামী অৱনী দাস আৰু দুই সন্তানো গুৰুতৰভাৱে আহত হৈছে ৷ সম্প্ৰতি অৱনী দাস আৰু দুই সন্তানক জিএমচিএইচত ভর্ত্তি কৰোৱা হৈছে ৷
পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সঘটিত হোৱা বুলি আশংকা কৰা হৈছে ৷ জানিব পৰা মতে ১৩ বছৰ পূর্বে অৱনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰীতা ৷ দুয়োৰে আছে দুটি সন্তানো ৷ কিন্তু বিগত কেইবাবছৰ ধৰি নিৰঞ্জন নামৰ যুৱকজনৰ সৈতে ৰীতা দাসে অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল ৷ কিছুদিন পূর্বে নিৰঞ্জনৰ সৈতে পলাইয়ো গৈছিল ৰীতা ৷ কিন্তু পুনৰ ৰীতা স্বামীগৃহলৈ ঘুৰি আহিছিল ৷ ইয়াৰ পাছতো ৰীতা আৰু নিৰঞ্জনৰ মাজত অবৈধ সম্পর্ক অব্যাহত আছিল ৷ প্ৰায়ে ৰীতাৰ ঘৰলৈ আহিছিল নিৰঞ্জনো ৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি নিৰঞ্জনৰ উপস্থিতিত প্ৰায়ে ৰীতাৰ ঘৰত পার্টীৰ আয়োজন কৰা হৈছিল ৷ তিনিওৱে সুৰা পান কৰি হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল বুলিও স্থানীয় লোকে অভিযোগ কৰিছে ৷
আন দিনাৰ দৰে কালি নিশাও নিৰঞ্জন ৰীতাৰ ঘৰলৈ আহিছিল ৷ কিন্তু কালি নিশা কিবা কথাক লৈ তেওঁলোকৰ মাজত কথাৰ কটাকটি হয় ৷ যাৰ বাবে চোকা অস্ত্ৰৰে নিৰঞ্জনে অৱনী আৰু দুই সন্তানক আক্ৰমণ কৰে ৷ সেই সময়তে ৰীতাই নিৰঞ্জনক বাধা দিবলৈ চেষ্টা কৰে ৷ এই কথাত ক্ৰোধান্বিত হৈ নিৰঞ্জনে ৰীতাক আক্ৰমণ কৰি হত্যা কৰে ৷ ইয়াৰ পাছত নিজেও চিপ লৈ আত্মহত্যা কৰে ৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তত এই চাঞ্চল্যকৰ ঘটনাৰ তথ্য পোহৰলৈ আহিব ৷