নাম তেওঁৰ শ্ৰুতি দত্ত ৷ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰী শ্ৰুতিৰ ঘৰ অসমৰ যোৰহাট জিলাত।
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত শ্ৰুতিয়ে শেহতীয়াকৈ সামাজিক মাধ্যম যোগে নিজেই ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৷ বৰ্তমান সময়ত ৰাইজৰ সহায় বিচাৰি সামাজিক মাধ্যামত ভাইৰেল হৈ পৰা ফেচবুক প’ষ্টটোৰ যোগেদিয়ে শ্ৰুতিয়ে ক’লে যে অসমৰ পৰা ৰাওনা হওঁতেই তেওঁ এইবাৰ ভাবিছিল যে তেওঁ সাজু যিকোনো পৰিস্থিতিৰ কাৰণে। তথাপিও হাইদৰবাদৰ পৰা বাংগালোৰলৈ পথাওতে আকৌ এবাৰ আশা হেৰুৱাইছিল তেওঁ । তথাপিও কিন্তু অতি সোনকালেই যে কৃত্ৰিম উশাহৰ প্ৰয়োজন হ’ব সেই কথা এবাৰলৈকো ভবা নাছিল শ্ৰুতিয়ে । তিনি মাহে যুঁজি যুঁজি সকলো হেৰুৱাইও নিজক সুস্থ কৰি তুলিব নোৱাৰি ভাগি পৰিছে শ্ৰুতি আৰু অৱশেষত সহায় বিচাৰিছে ৰাইজৰ ৷
প্ৰথম অৱস্থাত কেৱল সাধাৰণ কিবা এটা হোৱা (RARE RT NECK INFECTION) বুলি ভাবি থাকি পাছত যেতিয়া মেডিচিনে কাম কৰা বন্ধ হৈ গ’ল তেতিয়াই প্ৰথম জি .এম.চি.এইচৰ পৰাও বাংগালোৰৰ নাৰায়নালৈ পঠালে ৷ কিন্তু তাত গৈহে গম পালে যে কেৱল সাধাৰণ কিবা এটা (RARE RT NECK INFECTION) নহয় RT STYLOID PROCESS FRACTUREত আক্ৰান্ত তেওঁ। ৰাইজে কথাখিনি পঢ়ি থকাৰ সময়ত শ্ৰুতি নাৰায়ানা হস্পিটেল , বাংগালোৰত। তেওঁ কৈছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে প্ৰত্যেকেই যদি কিবা এটা সহযোগ কৰে তেন্তে এক ডাঙৰ সকাহ হ’ব আৰু উশাহটো ধৰি ৰাখিবলৈ সক্ষম হ’ব শ্ৰুতি ।
কাৰণ অস্ত্ৰোপচাৰ বাদ দি যে শ্ৰুতিক সুস্থ কৰি তোলাৰ আন কোনো উপায় নাই আৰু তাৰ কাৰণে প্ৰয়োজন আৰ্থিক সহায়ৰ। ৰাইজৰ অকণমান সহাৰিয়ে হয়তো প্ৰাণ ৰক্ষা কৰিব শ্ৰুতিৰ ৷
আনহাতে ৰাইজক অনুৰোধ জনাই কথাখিনিৰ যোগেদি শ্ৰুতিয়ে পুনৰ ক’লে যে তেওঁৰ স্বাস্থ্য বিষয়ে যদি বিশেষ কিবা জানিব লগা থাকে তেন্তে ৭২৪৯৯১৭৭৯০ নম্বৰত ফোন কৰিব পাৰে ৷ লগতে তেওঁ ইয়াকো ক’লে যে বহু সময়ত তেওঁ শৰীৰৰ অসুস্থতাৰ বাবে ফোন উঠাব নোৱাৰে যদিও তেওঁ নিজৰ ফালৰ পৰা পুনৰ ফোন কৰাৰ কৰাৰ চেষ্টা নিশ্চয় কৰে ৷
শ্ৰুতিলৈ সাহায্য আগবঢ়াবৰ বাবে সবিশেষ তলত উল্লেখ কৰা হ’ল –
Gpay Number – 7002110536 Anjan Dutta
Account number _
406210110010672
IFSC Code – BKID0004062
Sushruti Dutta
Bank of India, Jorhat.