প্ৰৱঞ্চক মানস চলিহাক মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷ ইয়াৰ মাজতে আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা মানস বৰগোহাইয়ে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মানস চলিহাৰ বিৰুদ্ধে ৷
আলফা স্বাধীনে মানস বৰগোহাঁইৰ আন এটি ভিডিঅ’ প্ৰেৰণ কৰিছে। এই ভিডিঅ’ত সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন শৰীৰচর্চাবিদক মানস চলিহাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মানস বৰগোহাঁইয়ে।
উল্লেখ্য যে ২০২৩ চনৰ ৩ জানুৱাৰীত সিদ্ধাৰ্থ বৰগোহাঁইৰ এক ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হৈছিল ৷ মানস বৰগোহাঁইয়ে ভিডিঅ’টোত প্ৰকাশ কৰা অনুসৰি সিদ্ধাৰ্থৰ মৃত্যু কোনো পথ দুৰ্ঘটনাত হোৱা নাছিল, বৰঞ্চ ই এক পৰিকল্পিত হত্যাকাণ্ডহে আছিল।
মানস বৰগোহাঁইয়ে উত্থাপন কৰা অভিযোগ অনুসৰি মানস চলিহাই পৰিকল্পিতভাৱে সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিল। ভিডিঅ’টোত প্ৰকাশ কৰা অনুসৰি মান চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইৰ পৰা ব্যৱসায় কৰিবলৈ ৩৫ লাখ টকা লৈছিল। কিন্তু সেই ধন সিদ্ধাৰ্থক ঘূৰাই দিয়া নাছিল। ধন ওভতাই বিচৰাত মানস চলিহাই সিদ্ধাৰ্থক ধমকি দিছিল। পিছত মানস চলিহাই পৰিকল্পনা কৰাৰ দৰেই সিদ্ধাৰ্থৰ মৃত্যু হ’ল ৷
আনহাতে মানস চলিহাই আলফা স্বাধীনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি বহু যুৱক যুৱতীক জালত পেলাইছিল বুলিও অভিযোগ উঠিছে ৷ তেওঁ কয়, ‘‘মানস চলিহাই এখন জাল পাতে ৷ আলফাৰ নামত প্ৰায় ৩০০ ভুৱা ফেচবুক একাউন্ট খুলিছিল। প্ৰতিটো একাউন্টত নামৰ পিছত অসম লগাই দিয়ে আৰু সকলোৱে ভাবে যে সেয়া আলফা স্বাধীনৰ একাউণ্ট ৷আলফাৰ নামত একাউন্ট খুলি মানস চলিহাই সেই একাউণ্টসমূহ পৰিচালনা কৰে ৷ যেতিয়া ল’ৰা ছোৱালীবোৰ ওলাই আহে, তেতিয়া ল’ৰা ছোৱালীবোৰ এঠাইলৈ অহাৰ পাছত মানস চলিহাই আকৌ খবৰ কৰি তেওঁলোকক ধৰাই দিয়ে ৷তেনেদৰে গুৱাহাটী,নেলীত ধৰাইছিল ৷ “
মানস চলিহাই লোৱা ধনৰ ভাগ প্ৰশাসনিক বিষয়াইও পায় বুলি ভিডিঅ’টোত অভিযোগ কৰা হৈছে ৷ মন্ত্ৰী বিধায়কৰ পৰা প্ৰশাসনিক বিষয়ালৈ বহু লোকৰ সৈতে মানস চলিহাৰ ঘনিষ্ঠ সম্পর্ক আছে বুলিও কোৱা হৈছে ৷ যাৰ বাবে অপকর্ম কৰিলেও মানস চলিহা সাৰি যায় বুলি মানস বৰগোহাইয়ে অভিযোগ কৰিছে