গুৱাহাটী ঃ ১৫ মে ঃ বিগত ১২ দিন ধৰি শিক্ষাসেঁতুৰ কামত অসহযোগ কৰিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষকে। বিভাগে প্ৰদান কৰা টেবলেট পৰিচালনাৰ বাবে আয়োজন কৰা প্ৰশিক্ষণৰ পৰা বিৰত থাকি শিক্ষক সমাজে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হলেহে নতুন কামৰ দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰশিক্ষণ বৰ্জন কৰিছে। ৰাজ্যখনৰ বিভিন্ন জিলাত সমগ্ৰ শিক্ষা অসমৰ পৰা ৮ মে’ ২০২৩ ত প্ৰকাশ কৰা এচ এচ এ ১২০২০/২৫/ ২০২২। এম আই এচ – এচ এচ এ নিৰ্দেশনাৰ ভিত্তিত প্ৰশিক্ষণৰ আয়োজন কৰিছে। কিন্তু সকলো শিক্ষাখণ্ডৰে প্ৰাথমিক শিক্ষক সকলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰশিক্ষণ গ্ৰহণৰ পৰা বিৰত আছে। সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে জনাইছে যে, ২১ মে তাৰিখলৈ এই অসহযোগ জাৰি থাকিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত মুৰব্বীহীন হৈ থকা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ আদেশ প্ৰকাশ নকৰিলে ২২ মেত বিভাগে দিয়া টেবলেট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত ঘূৰাই দিয়া হ’ব। শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্ত বিত্ত বিভাগে অনুমোদন নিদি ৰাজ্যখনৰ ভিন্ন বিভাগৰ মাজত সমন্বয়হীনতাৰ কথাই প্ৰকাশ কৰিছে। আনহাতে নিজৰ তত্বাৱধানত বিত্ত বিভাগৰ অনুমোদন লব বুলি প্ৰতিশ্ৰুতি দিয়া শিক্ষামন্ত্ৰীয়ে পাচ মাহ উকলি যোৱাৰ পাছতো গ্ৰহণ কৰা মৌনতা চিন্তনীয়।
সন্মিলনীৰ নেতাদ্বয়ে প্ৰশিক্ষণ গ্ৰহণৰ বাবে ভয় ভাবুকি দি প্ৰশিক্ষণ সমাপ্ত কৰাৰ কৌশল ৰছিলে তাৰ প্ৰতিবাদত কাৰ্যসূচী গ্ৰহণ কৰিব লগা হ’লে শিক্ষাৰ্থীৰ সাম্ভাৱ্য শৈক্ষিক ক্ষতিৰ বাবে হেঁচা প্ৰয়োগ কৰা বিষয়া সকল দায়ী হ’ব বুলি সকীয়াই দিয়ে। আনহাতে প্ৰধান শিক্ষকৰ পদ সন্দৰ্ভত কোনো নতুন আলোচনাও কৰিব লগা নাই বুলি ঘোষণা কৰি শীঘ্ৰে আদেশ প্ৰকাশ কৰাৰ দাবী জনায়। আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ নেতা নেতা দেখুৱাই শিক্ষকক হাৰাশাস্তি কৰি ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহিস্কাৰহোৱা কোনো স্বয়ম্ভুয়ে সন্মিলনীৰ সিদ্ধান্তৰ বিপৰীতে গৈ সংবাদমেল আয়োজন কৰাৰ তথ্য লাভ কৰা গৈছে। এনে শিক্ষা আৰু শিক্ষানুষ্ঠান বিৰোধীক ভৰিৰে গচকি শিক্ষক সমাজে প্ৰশিক্ষণৰ পৰা বিৰত থাকি নিজৰ অধিকাৰ সাৱ্যস্ত কৰিছে। প্ৰধান শিক্ষকৰ পদৰ বাবে চলোৱা সংগ্ৰামৰ লগত শিক্ষানুষ্ঠান এখন স্বাভিমানৰ প্ৰশ্ন জৰিত। মৰ্যদা ৰক্ষাৰ এই সংগ্ৰাম অৱ্যাহত থাকিব বুলি সম্মিলনীৰ নেতৃবৰ্গই ঘোষণা কৰি কাৰ্যসূচী সফল কৰা সকলো শিক্ষকলৈ ধন্যবাদ জ্ঞাপন কৰিছে।