VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

voicedesk by voicedesk
September 23, 2023
in মুখ্য সংবাদ
দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
0
SHARES
199
VIEWS
Share on FacebookShare on Twitter

ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ মাটি ঘূৰাই দিয়ক চৰকাৰে- দাবী উচ্ছেদিতৰ।গুৱাহাটী 22 ছেপ্টেম্বৰ 2023 – ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকো পাৰৰ উচ্ছেদিতই অব্যাহত ৰাখিছে প্ৰতিবাদ। আজি বিয়লি চাৰি বজাত মহানগৰীৰ দীঘলীপুখুৰী পাৰত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত শিলসাকোঁৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেতৃত্বত শতাধিক উচ্ছেদিতই মৌন প্রতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ প্রতিবাদী কাৰ্যসূচীত উচ্ছেদিত লোকসকলে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰে। থলুৱাৰ ক্ষেত্ৰত গৰম কিয় পুঁজিপতিৰ ক্ষেত্ৰত নৰম, জাতি মাটি ভেটি মানে মামা মামী মাটি নেকি, মুখ্যমন্ত্ৰীৰ পত্নীলৈ শ শ বিঘা থলুৱালৈ এক কঠাও নাই কিয়, আমাক পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ ঘৰ ভেটি ঘূৰাই দিয়ক দিয়ক চৰকাৰ বাহাদুৰে, পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰে কিয় আমাক একঠা মাটি দিব নোৱাৰে বুলি উল্লেখ কৰা বেনাৰ পোষ্টাৰেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰে উচ্ছেদিত লোকসকলে। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেত্ৰী গায়েত্ৰী বৰি, নেইনা বেগম, ইন্দুমণি বৰা আৰু বুলবুল বৰুৱাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটীৰ শিলসাঁকোৰ পাৰত বসবাস কৰা লোকসকলে চৰম প্ৰতাৰণা আৰু অন্যায়ৰ বলি হ’ব লগা হ’ল। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো থলুৱা পৰিয়ালক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি নিৰ্দয় আৰু নৃশংসভাৱে শিলসাকোঁৰ পাৰত দীৰ্ঘদিন ধৰি স্থায়ীভাৱে বসবাস কৰি থকা থলুৱা লোসকলৰ ঘৰ ভেটি উচ্ছেদ কৰি থান বান কৰি দিলে। সুখ শান্তিৰে বসবাস কৰি থকা লোকসকলৰ বাবে কাল অমানিশা নমাই আনিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। জাতি মাটি ভেটিৰ শ্লোগান দিয়া চৰকাৰৰ দিনত আজি গুৱাহাটীত বসবাস কৰা থলুৱা লোকসকল নিৰাপদ নহয়। বান মুক্ত গুৱাহাটীৰ শ্লোগান দিয়া চৰকাৰখনৰ দিনত আজি শিলসাঁকোত পানী যোৱাত বাধা দি থকা পুঁজিপতি বিলাকৰ গগনচুম্বী অট্টালিকাত চৰকাৰী উচ্ছেদ অভিযানে ঢুকি নাপায়। হিম্মত চিংকাৰ আইডিয়েল হিলভিও, বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীন্স, টাটাৰ Ginger হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট, আই চি এম আদি প্ৰতিষ্ঠানত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰে ঢুকি নাপায়। কেৱল ভুমিহীন লোকৰ বাসগৃহ সমূহ ধংশ কৰি কেনেকৈ বানমুক্ত গুৱাহাটী কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে উচ্ছেদিত লোক সকলে। আজিৰ প্রতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। মৌন প্ৰতিবাদ কাৰ্যসূচীত ভাগ লৈ সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে, শিলসাঁকোৰ উচ্ছেদ কেৱল অমানৱীয় আৰু বৰ্বৰেই নহয়, শিলসাঁকোৰ উচ্ছেদ জাতি মাটি ভেটিৰ প্ৰতি ভাবুকি। যিখন চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয়, ভুমিহীনক মাটিৰ পট্টা হাতত তুলি দিয়াৰ কথা কয়, সেই চৰকাৰৰ দিনত আজি অসমৰ থলুৱা খিলঞ্জীয়া লোকসকল নিৰাপত্তাহীনতাত ভুগিব লগা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। যি সময়ত আজি মুখ্যমন্ত্ৰীৰ পত্নীয়ে আজি চিলিং আইন উলংঘা কৰি শ শ বিঘা মাটি ল’ব পাৰে সেই একেটা সময়ত আজি অসমৰ থলুৱা পৰিয়ালে এক কথা মাটি নাপায়। থলুৱা লোকক নিজ ভূমিৰ পৰা অঘৰী কৰি মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটি সুৰক্ষা কৰিব খুজিছে নেকি বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। আজিৰ মৌন প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে উচ্ছেদিত লোকসকলে যথোপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী কৰে।

Previous Post

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

Next Post

কাছাৰৰ লাইলাপুৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৭টা বিদেশী বন্যপ্ৰাণী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাছাৰৰ লাইলাপুৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৭টা বিদেশী বন্যপ্ৰাণী

কাছাৰৰ লাইলাপুৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৭টা বিদেশী বন্যপ্ৰাণী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7