মধ্য অসমৰ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক “কলংপাৰ” কাকতে শুক্ৰবাৰে পদাৰ্পণ কৰিলে ২৫ তম বৰ্ষত। ১৯৯৯ চনৰ ১৮ আগষ্টত প্ৰতিষ্ঠাপক তথা প্ৰয়াত সম্পাদক বলেন বৰাৰ সম্পাদনাত প্ৰকাশিত “কলংপাৰ” কাকতে বহু ঘাত-প্ৰতিঘাত নেওচি ২৪ টা বৰ্ষ অতিক্রমী শুক্ৰবাৰে ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা ৰূপালী জয়ন্তী বৰ্ষৰ শুক্ৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সত্ৰাধিকাৰ,শিক্ষাবিদ,লেখক জীৱেশ্বৰ দেৱগোস্বামীয়ে। এই উপলক্ষে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত দুপৰীয়া এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। কাকতখনৰ মুখ্য সম্পাদক গুৰমাইল সিঙৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত দহগৰাকী গণ্য-মান্য লোকে গুৰুত্বপূৰ্ণ অভিমত ব্যক্ত কৰে । প্ৰাক্তন শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস,শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা,জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা,গল্পকাৰ খগেন শইকীয়া প্ৰমুখ্যে অৰ্দ্ধ শতাধিক সাহিত্যসেৱীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ মাজতে “কলংপাৰ”ৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাৰ জীয়ৰী তথা কবি অভিলেখ শৰ্মাৰ “What’s in a poet?” নামৰ এখন ইংৰাজী ভাষাৰ কবিতা পুথি উন্মোচন কৰে সাহিত্যিক গুণীন্দ্ৰ গায়নে। ইয়াৰ পূৰ্বে পুৱা ভাগত পতাকা উত্তোলন কৰাৰ পিছতে কাকত গোষ্ঠীৰ সৈতে জড়িত প্ৰয়াত সকল ক্ৰমে প্ৰতিষ্ঠাপক, প্ৰাক্তন সম্পাদক বলেন বৰা, প্ৰাক্তন মুখ্য সম্পাদক ডঃ আবু হানিফা,প্ৰাক্তন সম্পাদক সুৰেন কুমাৰ বৰা,প্ৰাক্তন উপ-সম্পাদক অচ্যুৎ প্ৰৱৰ শৰ্মা,বিশেষ শুভাকাংক্ষী মুকুল চন্দ্ৰ শইকীয়া, সহকাৰী পৰিচালন সঞ্চালক অনিমা বৰুৱা শৰ্মাৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উল্লেখ্য যে অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত ধৰে পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাই ।
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ ৰিপ’ৰ্ট,Voice 24×7