দীর্ঘদিনৰ বিৰতিৰ অন্তত পর্যটকৰ বাবে পুনৰ মুকলি হ’ল ছিংগাপুৰ৷ বিশ্বৰ ১১ খন দেশৰ পর্যটকৰ বাবে কোৱাৰেণ্টাইনমুক্ত ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছে ছিংগাপুৰ চৰকাৰে৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত ভেকচিন গ্ৰহণ কৰা লোকসকলেহে কোৱাৰেণ্টাইনমুক্ত ভ্ৰমণৰ সুবিধা লাভ কৰিব৷ লক্ষ্যণীয়ভাবে ভাৰতৰ পর্যটকসকলে এই সুবিধা লাভ নকৰিব৷ ডেনমার্ক,ফ্ৰান্স,ইটালী.নেডাৰলেণ্ড,স্পেইন,ব্ৰিটেইন,জার্মানী,মার্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ পর্যটকসকলে এই সুবিধা লাভ কৰিব৷
ভেকচিনেটেড ট্ৰেভেল লাইন চমুকৈ ভিটিএল আঁচনিৰ অধীনত ভ্ৰমণ কৰিবলৈ পর্যটকসকলে ছিংগাপুৰ এয়াৰলাইনছ অথবা লুফথানচা এয়াৰৰ জৰিয়তে ভ্ৰমণ কৰিব লাগিব৷ তদুপৰি আান কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে ছিংগাপুৰ চৰকাৰে৷ সেই অনুসৰি ছিংগাপুৰত উপস্থিত হোৱাৰ ৪৮ ঘণ্টাৰ পূর্বে পর্যটকসকলে কৰিব লগিব আৰটিপিচিআৰ টেষ্ট৷ ছিংগাপুৰত উপস্থিত হোৱাৰ পাছতো পর্যটকসকলে এই টেষ্ট কৰিব লাগিব৷ পূর্বে পর্যটকসকলে ছিংগাপুৰ ভ্ৰমণ কৰিলে কোভিডৰ চাৰিটা টেষ্ট কৰিবলগীয়া হৈছিল৷