হেৰাই গ’ল বলিউডৰ আন এক সুৱদী কণ্ঠ ৷ ভাৰতীয় সংগীত জগতে হেৰুৱালে আন এগৰাকী উজ্জ্বল নক্ষত্ৰ ৷ এটাৰ পাছত আন এটা গীতেৰে ৯০ৰ দশকৰ পৰা শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা জনপ্ৰিয় কণ্ঠশিল্পী কে কে আৰু নাই ৷ মঙলবাৰে নিশা কলকাতাত এক সংগীতানুষ্ঠান পৰিৱেশনৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে শিল্পী গৰাকী ৷ লগে লগে তেওঁক সমীপৱর্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
কলকাতাৰ নজৰুল মঞ্চ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংগীতানুষ্ঠানৰ অন্তত ৫৩ বছৰীয়া কণ্ঠশিল্পী গৰাকীয়ে থকা হোটেলখনত ঢলি পৰে। জনপ্ৰিয় শিল্পী গৰাকীৰ সম্পূর্ণ নাম হৈছে কৃষ্ণকুমাৰ কুন্নাথৰ ৷ নব্বৈৰ দশকৰ শেষৰ ফালে কিশোৰ-কিশোৰীৰ মাজত তেওঁৰ গীতসমূহ অত্যন্ত জনপ্ৰিয় আছিল ৷ ‘পল’, ‘য়াৰ’’ আদি গীতৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত আছিল ৷ এই গীতসমূহৰ অবিহনে স্কুল-কলেজৰ বিদায় আৰু কিশোৰ-কিশোৰীৰ সাংস্কৃতিক অনুষ্ঠান আধৰুৱা হৈ ৰৈছিল ৷
১৯৯৯ চনত তেওঁৰ প্ৰথম এলবাম ‘পল’-এ সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। ২০০০ চনৰ আৰম্ভণিৰ পৰাই তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ গঢ়ি তুলিছিল আৰু বলীউডৰ ছবিৰ বাবে বহুতো জনপ্ৰিয় গীত ৰেকৰ্ড কৰিছিল।কে কেয়ে হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী আৰু বাংলা আদি ভাষাত গীত ৰেকৰ্ডিং কৰিছে।ৰাজনৈতিক নেতা, অভিনেতা, অনুৰাগীয়ে কে কেৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কে কে ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷