এখন অট’তে এজন দুজন নহয় উঠিছিল প্ৰায় ২৭গৰাকী যাত্ৰী ৷ উত্তৰ প্ৰদেশত এখন অট’ত তালাচী চলোৱাৰ সময়ত চকু কঁপালত উঠিল আৰক্ষীৰ ৷আৰক্ষীৰ নিয়মীয়া তালাচীত পোহৰলৈ আহিল এই কাণ্ড ৷ অট’খনৰ চালকে উঠাইছিল ২৭গৰাকী যাত্ৰীক ৷ যাত্ৰীসকলক নমাই ইতিমধ্যে অট’খন জব্দ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷
বাতৰি অনুসৰি, অটো-ৰিক্সাখন প্ৰথমে ফতেহপুৰৰ বিন্দকী কোতৱালী অঞ্চলৰ ওচৰত দেখা গৈছিল । পৰৱৰ্তী সময়ত অটোখন পৰীক্ষা কৰাৰ পিছত তেওঁলোকে লক্ষ্য কৰিলে যে যাত্ৰীসকল ভিতৰত বহি আছিল আৰু লগে লগে তেওঁলোকক বাহনখনৰ পৰা ওলাই আহিবলৈ দাবী জনাইছিল।
বাছ বা আন কোনো ডাঙৰ বাহনত নহয় এখন সৰু অট’ৰিক্সাত ২৭গৰাকীকৈ যাত্ৰীক উঠাই নিয়াৰ ভিডিঅ’ বৰ্তমান সময়ত সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে ৷
#WATCH In this auto rickshaw of #Fatehpur, 27 people including the driver had gone to offer prayers for #Bakrid.
One by one the police counted twenty-seven people including children and brought them down.#UttarPradesh pic.twitter.com/CfjPotBsJ0
— KafirOphobia (@socialgreek1) July 10, 2022