VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণীষ ছিছোডিয়াক গ্ৰেপ্তাৰ,আজি দেশজুৰি ক’লা দিৱস পালন কৰিব আপৰ, ঘেৰাও কৰিব বিজেপি কার্যালয়

voicedesk by voicedesk
February 27, 2023
in মুখ্য সংবাদ
মণীষ ছিছোডিয়াক গ্ৰেপ্তাৰ,আজি দেশজুৰি ক’লা দিৱস পালন কৰিব আপৰ, ঘেৰাও কৰিব বিজেপি কার্যালয়
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

৮ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে জেৰাৰ অন্তত দেওবাৰে নিশা চিবিআইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰে। সোমবাৰে বিয়লি তেওঁক আদালতত হাজিৰ কৰা হ’ব। অৰবিন্দ কেজৰিৱালৰ ‘ডেপুটি’ৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু তেওঁৰ দল আম আদমি পাৰ্টিয়ে ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰাৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত লুকাই আছে বুলি উল্লেখ কৰিছে ৷ এই গ্ৰেপ্তাৰৰ প্ৰতিবাদত আপে সোমবাৰে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে। দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিবলৈও আহ্বান জনাইছে কেজৰিৱালে।

 

দেওবাৰে নিশা আপৰ সাধাৰণ সম্পাদক সন্দীপ পাঠকে দলৰ এই কাৰ্যসূচী সন্দৰ্ভত টুইট কৰে। বিজেপিক আক্ৰমণ কৰি তেওঁ লিখিছে, “লাখ লাখ শিশুৰ ভৱিষ্যত সৃষ্টি কৰা ছিছ’ডিয়াৰ দৰে শক্তিশালী শিক্ষামন্ত্ৰীক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ বিপৰীতে সোমবাৰে সমগ্ৰ দেশতে আপে পালন কৰিব ‘কলা দিৱস’।’ আপৰ সূত্ৰ অনুসৰি দিল্লী আৰু পঞ্জাৱ, গুজৰাটৰ গান্ধীনগৰ, হাৰিয়ানাত ৰোহটক, উত্তৰ প্ৰদেশৰ নয়দাত প্ৰতিবাদ প্ৰদৰ্শন কৰা হ’ব। বিভিন্ন ৰাজ্যৰ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে।

কিন্তু জনশক্তি আৰু ক্ষমতাৰ ক্ষেত্ৰত আপৰ এই প্ৰতিবাদে দিল্লীত সৰ্বাধিক প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। ঘোষিত কাৰ্যসূচীত নথকা সত্ত্বেও প্ৰতিবাদৰ আশংকাত সোমবাৰে পুৱাৰে পৰা চিবিআইৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। বিজেপিৰ কাৰ্যালয়ৰ বাহিৰতো এটা বিশেষ নিৰাপত্তা মণ্ডল সৃষ্টি কৰা হৈছে। বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ বহু আগতেই আপ সমৰ্থকক বাধা দিয়া হ’ব পাৰে। ইয়াৰ পূৰ্বে আপে ছিছ’ডিয়াক গ্ৰেপ্তাৰক ‘গণতন্ত্ৰৰ বাবে ক’লা দিন’ বুলি অভিহিত কৰিছিল। ছিছ’ডিয়াই চিবিআইৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বেও কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আপৰ সফলতা আৰু জনপ্ৰিয়তাক লৈ ভয় কৰি প্ৰতিশোধৰ ৰাজনীতি কৰিছে। অৱশ্যে চিবিআইৰ সূত্ৰ অনুসৰি তদন্তত সহযোগ নকৰাৰ বাবে ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হৈছে।

 

Previous Post

৭০০ গ’ল! ফ্ৰান্সৰ মাটিত নজিৰ গঢ়ি ৰোনাল্ডোক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে মেছি

Next Post

জীৱনৰ প্ৰথমখন ছবি মুক্তিৰ পূর্বেই ৩১ বছৰ বয়সত বিয়োগ দক্ষিণৰ ছবিখনৰ পৰিচালক জোচেফ মনু জেমছ, শোকস্তব্ধ সাংস্কৃতিক জগত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জীৱনৰ প্ৰথমখন ছবি মুক্তিৰ পূর্বেই ৩১ বছৰ বয়সত বিয়োগ  দক্ষিণৰ ছবিখনৰ  পৰিচালক জোচেফ মনু জেমছ, শোকস্তব্ধ সাংস্কৃতিক জগত

জীৱনৰ প্ৰথমখন ছবি মুক্তিৰ পূর্বেই ৩১ বছৰ বয়সত বিয়োগ দক্ষিণৰ ছবিখনৰ পৰিচালক জোচেফ মনু জেমছ, শোকস্তব্ধ সাংস্কৃতিক জগত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7