ৰাজ্যৰ বাঁও-গণতান্ত্ৰিক আৰু ধৰ্মনিপেক্ষ দলসমূহে কাইলৈ ৩০ জানুৱাৰীৰ গান্ধী হত্যাৰ দিনটোত ‘ধৰ্মনিৰপক্ষতা, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিৱসটো পালনৰ জৰিয়তে সাম্প্ৰদায়িক শক্তিসমূহক পৰাস্ত আৰু জনসাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতি শক্তিশালী কৰাৰ বাবে অংগীকাৰ গ্ৰহণ কৰা হ’ব। এই কাৰ্যসূচীৰ অংশীদাৰী দলসমূহৰ ভিতৰত আছে চি পি আই, চি পি আই (এম), চি পি আই (এম -এল), এন চি পি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল, অসম আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টি।
উল্লেখ্য যে ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনটোতে উগ্ৰ ‘হিন্দুত্ববাদ’ৰ প্ৰতিভূ নাথুৰাম গডছেৰ হাতত সাম্প্ৰদায়িক সম্প্ৰীতি তথা ধৰ্মনিৰপেক্ষতাৰ আলোকস্তম্ভ স্বৰূপ ‘জাতিৰ পিতা’ মহাত্মা গান্ধী নিহত হৈছিল। ব্ৰিটিছবিৰোধী স্বাধীনতা সংগ্ৰামৰ পৰা নিজকে নিলগাই ৰাখি ব্ৰিটিছৰ গোলামি কৰা আৰ এছ এছ আৰু তেওঁলোকৰ গেৰুৱা বাহিনীয়ে আজি গান্ধী হত্যাকাৰীক ‘বীৰ’ৰ মৰ্যাদা দিবলৈ উঠি-পৰি লাগিছে। তেওঁলোকে দেশত পুনৰ ধৰ্মৰ নামত উন্মাদনা সৃষ্টিৰ বাবে অহৰহ চেষ্টা চলাই আছে। আৰ এছ এছ নিয়ন্ত্ৰিত বিজেপি-নেতৃত্বাধীন চৰকাৰে আনকি ভাৰতীয় প্ৰজাতন্ত্ৰৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ গাঁথনিটোকে খহাই পেলোৱাৰ বাবে সংবিধানৰ ওপৰত পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰি দিছে। এই পটভূমিত গান্ধী হত্যাৰ দিনটো পালন কৰি সাম্প্ৰদায়িক শক্তিসমূহক পৰাস্ত আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ অংগীকাৰ গ্ৰহণ কৰা হ’ব।
গুৱাহাটীত দলসমূহে কাইলৈ ৩০ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দীঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত যৌথভাৱে গান্ধীৰ প্ৰতিকৃতিত মাল্যদান আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণৰ উপৰি গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সংবিধান ৰক্ষাৰ বাবে প্ৰতীকী ৰূপত দিৱসটো পালন কৰিব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইয়াক সফল কৰাৰ বাবে দলসমূহে সকলো অংশৰ ধৰ্মনিৰপেক্ষ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।