পুনৰ এছআইটিয়ে জেৰা চলালে দুই ৰাজপত্ৰিত বিষয়াক ৷এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্ত কৰ অধীক্ষক জয়ন্ত দলে আৰু কৰ পৰিদর্শক প্ৰিয়ংকা ডেকাক আজি জেৰা চলোৱা হয় ৷ নিলম্বিত দুই বিষয়া আজি পুৱাৰ ভাগতে হাজিৰ হয় চিআইডিৰ গুৱাহাটীস্থিত কার্যালয়ত ৷
উল্লেখ্য যে দুয়োজন বিষয়াৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ দুয়োজনে ৰাকেশ পালৰ আশীষধন্য হৈ চাকৰি লাভ কৰা বুলি অভিযোগ উঠিছিল ৷ দুয়োৱে যথেষ্ট কম নম্বৰ লাভ কৰাৰ পাছতো মূল পৰীক্ষাত উত্তীর্ণ হৈছিল ৷ ৰাকেশ পালে দুয়োজন বিষয়াক টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰাই দি এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ কৰোৱাই দিছিল ৷
ন্যায়িক আয়োগৰ প্ৰতিবেদনতো এই দুই বিষয়াৰ বিৰুদ্ধে অনিয়মৰ তথ্য উল্লেখ কৰা হৈছে ৷ দুয়োজনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিলম্বন কৰা হৈছে ৷