অসম লোকসেৱা আয়োগত সংঘটিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি পুনৰ দুই বিষয়াক জেৰা কৰে এছআইটিয়ে ৷ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছে দুজনকৈ এপিএছ বিষয়া। বিশেষ তদন্তকাৰী গোটে দুয়োকে জেৰা চলায় ৷ জেৰাৰ সন্মুখীন হোৱা বিষয়া দুজন হৈছে ক্ৰমে এ পি এছ কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু বিচিত্ৰ গোপাল নাথ।
দুয়োৰে বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ।ৰাকেশ পালৰ কাৰ্যকালত এই দুয়ো বিষয়াই লাভ কৰিছিল চাকৰি। এ পি এছ চি কেলেংকাৰীৰ ৩৪ জনীয়া তালিকাতো আছে এই দুই বিষয়াৰ নাই।