বুধবাৰে পুৱাই এক শক্তিশালী ভূমিকম্পই কপাঁই যায় নেপাল ৷ ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে ডোটি জিলাত একাধিক ঘৰ ভাঙি পৰে ৷ এই ভূমিকম্পৰ জোকৰণি নতুন দিল্লীতো অনুভুত হয় ৷ ড’টিৰ উপ-আৰক্ষী অধীক্ষক ভোলা ভট্টাই জনোৱা মতে, আঠটা ঘৰ ভাঙি পৰাত আন পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। নেপালী সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালে কমেও দুজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে ২০১৫ চনত দুটা বৃহৎ ভূমিকম্পৰ ফলত নেপালত প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে সমগ্ৰ চহৰ আৰু শতিকা পুৰণি মন্দিৰ ধ্বংসস্তুপত পৰিণত হৈছিল ৷ ইয়াৰ ফলত ৬ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছিল দেশখন ৷ অজি ভূমিকম্পত বিস্তৰ ক্ষতিসাধন হোৱা ডোটি জিলা ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ৪৩০ কিলোমিটাৰ পশ্চিমে অৱস্থিত ৷
নেপালৰ সময় অনুসৰি পুৱতি নিশা ২.১২ বজাত ভূমিকম্পৰ জোঁকৰণি অনুভুত হয় প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই টুইটাৰযোগে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।তেওঁ কয় “আহত আৰু ভুক্তভোগীসকলৰ তাৎক্ষণিক আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিছো।”
মুখপাত্ৰ ছিলৱালে জনোৱা মতে নেপালী সেনাৰ এটা উদ্ধাৰকাৰী দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ৷ কাষৰীয়া সুৰখেট আৰু নেপালগঞ্জ চহৰত দুখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে ৷
ভাৰতৰ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ জনবহুল চহৰ পিলিভিতৰ পৰা প্ৰায় ১৫৮ কিলোমিটাৰ উত্তৰ-পূবত ভুপৃষ্ঠৰ পৰা১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ উৎপত্তি হৈছিল ৷