চাৰি আইপৈএছ বিষয়াকপদোন্নতি দিয়া হৈছে। গুৱাহাটী শ্ৰীমন্তপুৰৰ দুৰ্নীতি নিবাৰকৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, ডিমা হাচাওৰ আৰক্ষী অধীক্ষক মায়ং কুমাৰ, ডেপুটেচনত থকা সুমিত শৰ্মা আৰু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক পদোন্নতি দিয়া হৈছে ৷ এক নিৰ্দেশনাযোগে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এই বিষয়াকেইজনক পদোন্নতি প্ৰদান কৰিছে।
এই পদোন্নতি অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। অৱশ্যে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে তেওঁলোক বৰ্তমানৰ পদত অধিষ্ঠিত থাকিব বুলি জানিব পৰা গৈছে।
ইয়াৰোপৰিও, ৰঙিয়াৰ এছডিপিঅ’ সৃজল আগৰৱালা আৰু বোকাখাতৰ এছডিপিঅ’ আৰ এছ কুমাৰৰো পদোন্নতি হৈছে। পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে তেওঁলোকে বৰ্তমানৰ পদত অধিষ্ঠিত থাকিব। এইসকল আৰক্ষী বিষয়াৰ পদোন্নতি তেওঁলোকৰ ‘গ্ৰেড পে’ত প্ৰযোজ্য হ’ব। পদোন্নতি লাভ কৰা আৰক্ষী বিষয়াসকলে এতিয়াৰে পৰা আগতকৈ অধিক দৰমহা লাভ কৰিব।