জম্মু-কাশ্মীৰত পুনৰ সেনা আৰু নিৰাপত্তা ৰক্ষীৰ মাজত সংঘটিত হৈছে সংঘর্ষ ৷ দক্ষিণ কাশ্মীৰত বুধবাৰে সংঘটিত দুটা পৃথক সংঘর্ষত ছয়জন উগ্ৰবাদী নিহত হৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিহত সকলৰ দুজন পাকিস্তানৰ জৈইছ -ই-মহম্মদৰ (জেইএম) সদস্য ৷ এই সংঘর্ষত এজন আৰক্ষী আৰু দুজন সেনাও আহত হৈছে ৷ নিহত ছয়জন উগ্ৰপন্থীৰ ভিতৰত চাৰিজনক চিনাক্ত কৰা হৈছে । কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে কয়-“দুটা পৃথক সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন জেইএমৰ দুজন সদস্যসহ ছয়জন সন্ত্ৰাসবাদী নিহত হৈছে। নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত দুজন পাকিস্তানী আৰু দুজন স্থানীয় সন্ত্ৰাসবাদী বুলি চিনাক্ত কৰা হৈছে। আন দুজন সন্ত্ৰাসবাদীকো চিনাক্ত কৰা হৈছে ৷ আমাৰ বাবে এয়া এক ডাঙৰ সফলতা,” প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে সন্ধিয়া জম্মু আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ এটা যৌথ দলে উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ দুৰু শ্বাহবাদৰ নওগাম গাওঁ ঘেৰাও কৰে। এই দলটোৱে অভিযান আৰম্ভ কৰাৰ লগে লগে গাওঁখনত লুকাই থকা উগ্ৰপন্থীসকলে নিৰ্বিচাৰ গুলীচালনা কৰে আৰু নিৰাপত্তা বেষ্টনী ভেদ কৰি পলাবলৈ চেষ্টা কৰে ৷ ইয়াতে সেনাৰ গুলীত তিনিজন উগ্ৰপন্থী নিহত হয় ৷ আনহাতে দক্ষিণ কাশ্মীৰৰ কুলগামৰ মিৰহামাত আন পৃথক সংঘর্ষত তিনিজন উগ্ৰপন্থী নিহত হয় ৷