ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হৈছে তেজপুৰ বিশ্ববিদ্যালয় ৷ বিগত সময়ছোৱাত এই বিশ্ববিদ্যালয়খনে গৱেষণাৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰখনত বিশেষ সুনাম লাভ কৰি আহিছে ৷ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন এক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়ে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক প্ৰখ্যাত এলচেভিয়াৰৰ শীৰ্ষ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷ সমগ্ৰ বিশ্বৰ ২% বিজ্ঞানীসকলৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোক ৷ বিজ্ঞানী কেইগৰাকী হৈছে অধ্যাপক ড° ধ্ৰুৱ কে ভট্টাচাৰ্য, অধ্যাপক ড° দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা, ড° শ্যামল কুমাৰ দাস, অধ্যাপক ড° নিৰঞ্জন কৰাক, অধ্যাপক ড° ৰমেশ চন্দ্ৰ ডেকা আৰু অধ্যাপক ড°পাৰ্থ প্ৰতিম চাহু ৷
কৃত্ৰিম বুদ্ধিমত্তা আৰু ইমেজ প্ৰচেছিং, শক্তি, পলিমাৰ, অট’ৰিন’লেৰিংগ’লজী আৰু অপ্টোইলেক্ট্ৰনিক্স এণ্ড ফ’ট’নিক্সৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণামূলক কাম–কাজৰ বাবে তেওঁলোকলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে ৷
এলচেভিয়াৰ হৈছে বিশ্বজুৰি খ্যাতিসম্পন্ন পাব্লিছিং এণ্ড ইনফৰ্মেশ্যন এনালাইটিক্স কোম্পানী৷ এই প্ৰতিষ্ঠানটোৱে বিজ্ঞানীসকলৰ ৰাজহুৱাভাৱে উপলব্ধ তথ্যকোষৰ ভিত্তিত প্ৰস্তুত কৰে এই তালিকা ৷ অধ্যাপক কেইগৰাকীৰ এই সাফলয়ত তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকল উৎফুল্লিত হৈ পৰিছে ৷