ভাৰতৰ পৰা চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰিত চন্দ্ৰযান ৩ ৰ সৈতে জড়িত হৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীকো গৌৰৱান্বিত কৰিলে ৬ গৰাকী যুৱ অসমীয়া বিজ্ঞানীয়ে ৷ প্ৰচুৰ কৰ্মস্পৃহা, নিৰন্তৰ সাধনা আৰু একাগ্ৰতাৰে এই অভিযান সফল কৰাত অৱদান আগবঢ়োৱা বিজ্ঞানী কেইগৰাকী হৈছে চয়ন দত্ত, ডঃ বাহাৰুল ইছলাম, পংকজ নাথ, নিধি শর্মা, বিশাল সিনহা আৰু উদ্দীপনা কলিতা ৷ ইয়াৰে নিধি শর্মা বাংগালুৰুৰ জীয়ৰি যদিও তিনিচুকীয়াৰ বোৱাৰী ৷ তেওঁ বিগত দহ বছৰ ধৰি ইছৰ’ত কর্মৰত হৈ আছে ৷
ইফালে লখিমপুৰৰ চয়ন দত্ত মিছন কন্ট্ৰ’ল টীমৰ অংশীদাৰ হিচাপে চন্দ্ৰযান-৩ অভিযান সফল কৰাত সহায় কৰে ৷ কালি বিক্ৰম লেণ্ডাৰে সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছত এতিয়া আনন্দৰ সৃষ্টি হৈছে চয়নৰ বাসগৃহত ৷ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চয়নৰ পিতৃয়ে কয় যে বিদেশত ৩০ গুণ বেছি দৰমহাৰ চাকৰি পাইছিল যদিও তেওঁ যাবলৈ অনুমতি দিয়া নাছিল ৷ ৰাইজে বিচাৰিলে ভগৱানেও মনৰ আশা পূৰ্ণ কৰে।
আন এগৰাকী বিজ্ঞানী বিশাল সিনহাই ২০১৯ চনত ইছৰোত যোগদান কৰিছিল ৷ বিশালে গুৱাহাটী আইআইটিৰ পৰা মেকানিকেল বিষয়ত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল ৷
ইফালে পংকজ নাথ নেৰিষ্টৰ শিক্ষার্থী ৷ লেণ্ডিং প্ৰপালচন নির্মাণৰ সহযোগী হিচাপে কর্মৰত আছিল পংকজ ৷ ডঃ বাহাৰুল ইছলাম হাই ৰিজ’লিউচন চেন্সৰ নির্মাণৰ সৈতে জড়িত আছিল ৷
২০১৩ চনত ইছৰ’ত যোগদান কৰিছিল জামুগুৰিহাটৰ উদ্দীপনা কলিতাই ৷ পিতৃ সুৰেন কলিতাই প্ৰকাশ কৰা অনুসৰি কল্পনা চাওলাৰ দৰে হোৱাৰ সপোন মনত পুঁহি ৰাখিছিল উদ্দীপনাই ৷ কালি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় – ‘২০০৩ চনত কল্পনা চাওলাৰ মৃত্যুৰ দিনা মই আৰু মোৰ পত্নীয়ে সেই বিষয়ত কথা পাতি আছিলো ৷ কল্পনা চাওলাৰ বিভিন্ন কাহিনী আমি আলোচনা কৰিছিলো ৷ কাষতে খেলি থকা উদ্দীপনাই আমাৰ কথা শুনি কৈছিল তেওঁ এদিন কল্পনা চাওলা হ’ব ৷ মই সহায় কৰিছো কিন্তু নিজৰ সাধানাৰে উদ্দীপনা আজিৰ এই পর্যায়ত উপনীত হৈছে ৷ “