নিয়মিত ব্যায়াম, সময়মতে খাদ্য খোৱাটোৱেই স্বাস্থ্যৰ একমাত্ৰ চাবিকাঠি নহয়। শৰীৰৰ যত্ন ল’বলৈ পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। বর্তমান ব্যস্তময় জীৱনত টোপনি মাৰিবলৈ সময়ৰ যথেষ্ট অভাৱ ঘটে ৷ চেষ্টা কৰিও টোপনি পূৰণ কৰাটো সম্ভৱ নহয়। আৰু ইয়াৰ ফলত বিপদ নামি আহে স্বাস্থ্যলৈ ৷ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে টোপনিৰ অভাৱত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ গৱেষণা পত্ৰত এই কথা উল্লেখ কৰা হৈছে ৷
এই অধ্যয়নৰ উদ্দেশ্য আছিল টোপনিৰ অভাৱত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে সেইটো নিৰ্ণয় কৰা। টোপনিৰ অভাৱত ৰক্ত সঞ্চালন ৰোধ হয়। কিন্তু এদিন বা দুদিন টোপনিৰ অভাৱত এই পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ দীৰ্ঘদিন এনেদৰে টোপনি কমিলে থাকিলে তেজ গোট মাৰিবলৈ আৰম্ভ কৰে। সেই অৱস্থাটোক চিকিৎসাৰ ক্ষেত্ৰত ‘এথেৰ’স্কলেৰ’ছিছ’ বুলি কোৱা হয়। ধমনীত তেজৰ সোঁত বন্ধ হোৱাটোৱেই হৃদযন্ত্ৰৰ সমস্যাৰ আৰম্ভণিৰ বিন্দু। এথেৰ’স্কলেৰ’ছিছৰ অৱস্থাৰ বিকাশৰ লগে লগে ৰক্তবাহী নলীৰ বেৰবোৰ ডাঠ আৰু ঘন হৈ পৰে। তেজৰ সোঁতে স্বাভাৱিক গতি হেৰুৱাই পেলায়। শৰীৰৰ বাকী অংশলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়। আৰু তাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
২০১০ চনৰ পৰা ২০১৩ চনলৈ — এই তিনি বছৰত কেৱল কম টোপনিৰ বাবেই দুহেজাৰ ৬৯ বছৰীয়া লোক হৃদৰোগত আক্ৰান্ত হৈছিল। এই তালিকাত থকা সকলোৱে দিনটোত ৩-৪ ঘন্টাতকৈ বেছি সময় টোপনি মৰা নাছিল ৷ দীৰ্ঘ সময়ৰ এই অভ্যাসে হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বয়সৰ লগে লগে এই সমস্যা বৃদ্ধি পায় ৷ ২০২০ চনত ‘আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজি’ই কৰা এক অধ্যয়নতো একে তথ্য পোৱা গৈছে।কাম হ’ব। সেয়েহে ব্যস্ততাৰ মাজতো শৰীৰক অৱহেলা কৰা উচিত নহয়। চেণ্টাৰ অৱ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি চিকিৎসকে কয় যে হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ এজন প্ৰাপ্তবয়স্ক লোকে কমেও ৭ ঘণ্টা শুই থকাটো গুৰুত্বপূৰ্ণ।