অসম আৰক্ষীৰ বিভিন্ন শাখাৰ অধীনত ৯ সহস্ৰাধিক কনিষ্টবল পদৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনে আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱাসকললৈ ৷ ইতিমধ্যে এই পদসমূহৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছে ৷ য’ত বহুসংখ্যক প্ৰার্থীয়ে সফলতাও লাভ কৰিলে ৷ কিন্তু ইয়াৰ পাছত লিখিত পৰীক্ষাৰ বাবে কাট অফ মার্কৰ তালিকা প্ৰকাশ কৰাৰ সময়তে লাগিল অথন্তৰ ৷ বহু প্ৰার্থী বঞ্চিত হ’বলগীয়া হ’ল লিখিত পৰীক্ষাৰ পৰা ৷ কিয়নো বিজ্ঞাপনত প্ৰকাশ কৰাৰ দৰে এটা পদৰ বিপৰীতে ৫ জনৰ পৰিৱর্তে লিখিত পৰীক্ষাত বহাৰ সুযোগ দিয়া হ’ল মাত্ৰ দুজনক৷ লগে লগে শতাধিক প্ৰর্থীয়ে অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যজুৰি ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে এই বিষয়টো পুণৰীক্ষন কৰে ৷ ইয়াৰ পাছতে এক বিবৃতিৰ জৰিয়তে ব’র্ডে সদৰী কৰে যে এটা পদৰ বিপৰীতে বিজ্ঞাপন অনুসৰি এটা পদৰ বিপৰীতে ৫ জনকৈ প্ৰার্থীক লিখিত পৰীক্ষাত অৱতীর্ন হ’বলৈ সুযোগ প্ৰদান কৰা হ’ব ৷ ইয়াৰ বাবে শীঘ্ৰে নতুন তালিকা অতিৰিক্ত প্ৰার্থীৰ নাম সন্নিৱিষ্ট কৰি প্ৰকাশ কৰিব ব’র্ডে ৷