অসম সাহিত্য সভাৰ উদ্যোগত চচল শতদল শাখা সাহিত্য সভাই আজি ৭ জুন ২০২৩ তাৰিখে গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা,পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱৰ পৱিত্ৰ স্মৃতিত “স্মৃতি দিৱস” পালন কৰে । ৰাতিপুৱা ৮.৪৫ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত থানেশ্বৰ মালাকাৰ দেৱে । ইয়াৰ পাচত তিনিও গৰাকী পুৰোধা ব্যক্তিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন্দ্ৰ নাথ দাসে আৰু পাচত জ্যেষ্ঠ সদস্য শ্ৰীযুত ফটিক চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে । ইয়াৰ পাচত সভাপতি শ্ৰীযুত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত বহা “স্মৃতি দিৱস”ৰ সভা সুগায়ক শ্ৰীসদানন্দ বৰ্মনে গোৱা পাৰ্ৱতি প্ৰসাদৰ এটি কালজয়ী গীতেৰে মুকলি কৰা হয় । এই সভাত চচল নিবাসী চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বিকৃতি প্ৰাপ্ত গীতিকাৰ শ্ৰীযুত লোহিত হাজৰিকা দেৱক “গীতিকাৰ” হিচাবে সম্বৰ্দ্ধনা জনোৱা হয় । সহকাৰী সম্পাদক শ্ৰীনিকুঞ্জ দাসে আঁত ধৰা এই সভাত খনত শ্ৰীঅন্ন প্ৰভা কাকতি, শ্ৰীকুমুদেশ্বৰ শৰ্মা, শ্ৰীহৰেশ্বৰ ডেকা , শ্ৰীপৰেশ চন্দ্ৰ শৰ্মা ,শ্ৰীপণিতা শৰ্মা ই তিনিও গৰাকী পুৰোধা ব্যক্তিৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰে । পাচত সুগায়ীকা শ্ৰীপ্ৰণতি বৰুৱাই গোৱা পাৰ্ৱতি প্ৰসাদৰ আন এটি কালজয়ী গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।