গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত সংঘটিত হ’ল এক আচৰিত ঘটনা ৷ জানিব পৰা মতে বৰঝাৰ বিমান বন্দৰত এডাল বিষাক্ত সাপে দংশন কৰে বিমান বন্দৰৰৰ এজন কৰ্মীক ৷ বিমান বন্দৰটোৰ এৰাইভেলৰ লাগেজ বেল্টৰ ওচৰত এডাল বিষাক্ত সাপে যুৱক জনক দংশন কৰাৰ লগে লগে বন্দৰটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ অৱশ্যে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনক ততাতৈয়াকৈ আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷জানিব পৰা মতে সৰ্পই দংশন কৰা বৰঝাৰ বিমান বন্দৰত কৰ্মৰত যুৱকজনৰ নাম মণ্টু বৈশ্য ৷
অৱশ্যে পৰৱৰ্তী সময়ত এই বিষাক্ত সাপদাল উদ্ধাৰ কৰা হয় যদিও বৰ্তমান সময়ত প্ৰশ্ন হৈছে বিমান বন্দৰটোৰ ভিতৰলৈ কেনেকৈ আহিল এই সাপডাল ?