দার্জিলিঙলৈ যোৱাৰ কথা আপুনি ভাবিছে নেকি ? যদি ভাবিছে তেনেহ’লে এইকেইটা দিনতে আপুনি ভ্ৰমণ কৰিব পাৰে দার্জিলিং ৷ কিয়নো বৰফৰ শুভ্ৰ দলিছাই ৰূপৰ ৰাণী কৰি তুলিছে দার্জিলিঙক ৷ দেওবাৰৰ পিছত সোমবাৰেও দেখা গ’ল একেখন ছবি। তুষাৰপাতৰ সমান্তৰালকৈ দাৰ্জিলিঙৰ কিছু ঠাইতো বৰষুণ হোৱা দেখা গৈছে ৷ অৱশ্যে বৰফ পৰাৰ বাবে যাতায়ত ব্যাহত।
সোমবাৰে পুৱাৰে পৰা চন্দকফু, ফালুটকে ধৰি একাংশ অঞ্চলত প্ৰচণ্ড তুষাৰপাত হোৱা দেখা গৈছে। ওখ অঞ্চলত বৰফ পৰাৰ বাবে টংলু, টংলিং আদি নিম্ন অঞ্চলত বতৰ বেয়া। তুষাৰপাতৰ বাবে পাহাৰৰ কিছু অংশত যান-বাহনৰ চলাচল স্বাভাৱিক নহয়। দাৰ্জিলিঙৰ পৰ্যটকৰ সংখ্যা এতিয়া তুলনামূলকভাৱে কম। এনে পৰিস্থিতিত পুৱাৰে পৰা দাৰ্জিলিং, কালিমপংকে ধৰি ভৈয়ামত বৰষুণ আৰম্ভ হৈছে। বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণো হৈছে। তাৰ বাবেই পাহাৰত তাপমাত্ৰা কমিছে। বৰফ পৰাৰ বাবে বছৰৰ এই সময়ৰ তুলনাত এইবাৰ পাহাৰত যথেষ্ট ঠাণ্ডা।
আগন্তুক ২-৩ দিন একেধৰণৰ বতৰ অব্যাহত থাকিব বুলি ছিকিমৰ বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ৷ । সেই কার্যালয়ৰ সঞ্চালক গোপীনাথ ৰাহাই কয়, “সন্দকফুকে ধৰি দাৰ্জিলিঙত আগন্তুক ৩ দিনলৈ এই ধৰণৰ বতৰ থাকিব। চন্দকফুত অধিক বৰফ পৰিব। “উত্তৰ বংগৰ কিছু ঠাইত ধুমুহা বৰষুণৰ সৈতে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। অৱশ্যে ছিকিমৰ বতৰ বিজ্ঞান বিভাগে কোনো সতৰ্কবাণী জাৰি কৰা নাই।