ইউৰোপৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শীতে ব্য়াহত কৰি তুলিছে সাধাৰণ জীৱনযাত্ৰা ৷ পাৰাস্তম্ভ নিম্নগামী হোৱাৰ ফলত বহু অঞ্চল ঢাকি ধৰিছে বৰফে ৷ তুষাৰপাতৰ বাবে বন্ধ কৰি দিবলগীয়া হ’ল ইউৰোপৰ অন্যতম ব্যস্ততম ইস্তানবুল বিমানবন্দৰ ৷ তদুপৰি এথেন্সতো বিদ্যালয় আৰু টিকাকৰণ কেন্দ্ৰসমূহ বন্ধ হৈ পৰিছে ৷ কিয়নো পূৱ ভূমধ্যসাগৰৰ অঞ্চলসমুহত হোৱা তুষাৰপাতৰ ফলত যান-বাহনৰ চলাচল সম্পূর্ণ বন্ধ হৈ পৰিছে ৷ ইস্তানবুল বিমানবন্দৰ এটা কাৰ্গো টাৰ্মিনেলৰ চাল বৰফৰ ফলত খহি পৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্য়ে কোনো লোক এই ঘটনাত হতাহত হোৱা নাই ৷ প্ৰতিকূল পৰিস্থিতিত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিমান অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে ৷
২০১৯ চনত ইস্তানবুলৰ পুৰণি আতাতুৰ্ক বিমানবন্দৰক তুৰ্কিছ এয়াৰলাইনছৰ নতুন কেন্দ্ৰ হিচাপে সলনি কৰাৰ পিছত ইয়াক আইনা আৰু ষ্টীলেৰে নির্মাণ কৰা হৈছিল ৷ এনেদৰে নির্মাণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিমান বন্দৰটো বন্ধ ৰাখিবলগীয়া হৈছে ৷ উল্লেখ্য যে তুৰস্কৰ সৰ্ববৃহৎ চহৰখনৰ ১৬ নিযুত বাসিন্দাৰ বাবে এয়া এক বৃহৎ সমস্য়া হিচাপে বিবেচিত হৈছে ৷ বাট পথসমূহ সম্পূর্ণৰূপে বৰফেৰে আবৃত হৈ পৰাৰ ফলত ঘাইপথসমূহতে পাৰ্কিং কৰিবলগীয়া হৈছে বাহনসমূহ ৷ তদুপৰি বৰফৰ বাবে পিচলি আহি এখন গাড়ীয়ে আন এখন গাড়ীত খুন্দা মৰাৰ ফলত বহু বাহনৰ ক্ষতিসাধন হৈছে ৷ শ্বপিং মলসমূহ সোনকালে বন্ধ হোৱাৰ বাবে, খাদ্য বিতৰণ সেৱা বন্ধ হৈ পৰিছে ৷