আয় অনুপাতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এ চি এচ বিষয়া ছৈবুৰ ৰহমানৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷ ৰাজ্যৰ বিশেষ আদালতে আজি ৰহমানক জামিন প্ৰদান কৰে ৷ ইপিনে, আজি ৰহমানৰ বিৰুদ্ধে আদালতত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দাখিল কৰিছে চার্জশ্বীট ৷ ৯২ পৃষ্ঠাজোৰা এই চার্জশ্বীটখনত ৰহমানে নামে বেনামে কিদৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল, তাৰ সবিশেষ উল্লেখ কৰিছে ৷ উল্লেখ্য যে যোৱা ২৪ আগষ্টত ৰহমানক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷ তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পোহৰলৈ আহিছিল যে কিদৰে নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল ৷ দুগৰাকী পত্নীৰ নামত ৰহমানে গঢ়িছিল এই সম্পত্তিৰ পাহাৰ ৷ সেই সময়ত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰহমানৰ আছে ১০০ কোটিতকৈয়ো অধিক টকাৰ সম্পত্তি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৮৯ স্থানত ভূমি ক্ৰয় কৰিছিল ৷ আনহাতে ছৈবুৰৰ বিৰুদ্ধে আৰক্ষীয়ে সময়মতে চার্জশ্বীট দাখিল নকৰাৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল ৷ নির্ধাৰিত ৯০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুর্নীতিগ্ৰস্ত বিষয়াজনৰ বিৰুদ্ধে দাখিল নকৰিলে চার্জশ্বীট ৷ যাৰ বাবে তেওঁ লাভ কৰিবলৈ সক্ষম হ’ল ডিফ’ল্ট জামিন ৷ কিয় সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তেওঁৰ বিৰুদ্ধে চার্জশ্বীট দাখিল নকৰিলে তাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ ৷