ঝাৰখণ্ডত যোৱা দুদিনত হাতীr আক্ৰমণৰ মৃত্যু হৈছে ৮ জন লোকৰ । কাৰোবাক যদি গচকি মাৰিছে, আন কাৰোবাক আকৌ শুৰেৰে আচাৰি হাতীটোৱে হত্যা কৰিছে ৷ ঘটনা অনুসৰি মঙলবাৰে এটা হাতীয়ে বৰিয়া আৰু ইটকি গাঁৱত প্ৰৱেশ কৰে। হাতীটোৱে গাওঁখনৰ চাৰিজন লোকক আক্ৰমণৰ লক্ষ্য কৰি লয় চাৰিওজন লোককে শুৰেৰে আচাৰি হাতীটোৱে হত্যা কৰে ৷
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত লোকসকল আছিল সুখবীৰ কিৰো, ৰানাদ্ৱা দেৱী, গণ্ডৱানা অৰাওন আৰু পুনেই অৰাণ। হাতী আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে বন কাৰ্যালয়ৰ বিষয়াসকলে ইটকি আৰু ব’ৰা গাৱত উপস্থিত হয় ৷ কিন্তু তেওঁলোকে হাতেতো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৷
ৰাজ্যখনৰ লোহাৰ্ডাগা জিলাৰ ভাণ্ডাৰ প্ৰখণ্ড গাঁওতো হাতীৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হয়। গাঁৱৰ হাতীৰ এটা দলে চাৰিজন লোকক আক্ৰমণ কৰে। চাৰিজন মানুহক ভৰিৰে মোহাৰি হত্যা কৰে হাতীটোৱে ৷ ইয়াৰ পিছত হাতীটোৱে মৃতদেহবোৰৰ কাষত কেইবাটাও মুহূৰ্তৰ বাবে অপেক্ষা কৰি থাকে। ফলত গাঁৱৰ লোকসকলে বহু সময়লৈ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল ৷ হাতী আঁতৰি যোৱাৰ পিছত মৃতদেহবোৰ উদ্ধাৰ কৰা হয়।
বন বিভাগে মৃতকৰ পৰিয়ালে ২৫ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে মৃতকৰ মৃতকক আৰ্থিক ক্ষতিপূৰণো দিব বুলি স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।