যোৱা ২৩ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ইছৰো)ৰ বিজ্ঞানীসকলে প্ৰযুক্তিৰ জৰিয়তে চন্দ্ৰৰ বুকুত চালফাৰ, এলুমিনিয়াম, কেলচিয়ামকে ধৰি কেতবোৰ যৌগৰ সন্ধান লাভ কৰিছে । এই সফল অভিযানৰ আঁৰত থকা বিজ্ঞানীসকলৰ শৈক্ষিক অৰ্হতা কি?
চন্দ্ৰযান-৩ প্ৰকল্পৰ অন্যতম ডিজাইনাৰ হৈছে এছ সোমনাথ। তেওঁ ইছৰোৰ অধ্যক্ষ। লগতে কেন্দ্ৰীয় মহাকাশ বিভাগৰ সচিব। সোমনাথে কেৰেলাৰ কোল্লামৰ টি কে এম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা মহাকাশ ইঞ্জিনীয়েৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গঠন, গতিবিদ্যা, নিয়ন্ত্ৰণৰ বিশেষজ্ঞ তেওঁ । শ্ৰেষ্ঠ শিক্ষার্থীৰ সোণৰ পদকও লাভ কৰিছিল সোমনাথে।
এই অভিযানত জড়িত আছিল ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰৰ সঞ্চালক এম শংকৰন। তামিলনাডুৰ তিৰুচিৰাপল্লীৰ ভাৰতীদসন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে তেওঁ । ইয়াৰ পিছত তেওঁ ইছৰো চেটেলাইট চেণ্টাৰত যোগদান কৰে, যিটো বৰ্তমান ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰ নামেৰে জনাজাত।
এই সফল চন্দ্ৰ অভিযানৰ আঁৰত লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ৰ পৰিচালক ভি নাৰায়ণো আছে। তেওঁ মিছাইল উৎক্ষেপণৰ বিশেষজ্ঞ। ১৯৮৪ চনত তেওঁ ইছৰোত যোগদান কৰে। আই আই টি খড়গপুৰৰ ডিগ্ৰী লাভ কৰিছিল নাৰায়ণে । ১৯৮৯ চনত তেওঁ ক্ৰাইজেনিক ইঞ্জিনিয়াৰিঙত এম.টেক কৰে। প্ৰথম স্থান লাভ কৰিও পদক লাভ কৰে। নাৰায়ণে মহাকাশ অভিযান্ত্ৰিক বিষয়ত পি এইচ ডি লাভ কৰিছিল। ভাৰতীয় মহাকাশ সমাজে তেওঁক এই কৃতিত্বৰ বাবে সোণৰ পদক প্ৰদান কৰে। চেন্নাইৰ সত্যভামা বিশ্ববিদ্যালয়ে তেওঁক বিজ্ঞান বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
ইছৰোৰ চন্দ্ৰ অভিযান দলৰ অন্যতম সদস্য এছ উন্নিকৃষ্ণন নায়াৰ। তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক। তিৰুৱানন্তপুৰমৰ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIST)ৰ সঞ্চালক। কেৰালা বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত তেওঁ বিটেক । তেওঁ বাংগালুৰুৰ আই আই এছ চিৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। আই আই টি মাদ্ৰাজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত পি এইচ ডি ডিগ্ৰী লাভ কৰে । ইয়াৰ উপৰিও তেওঁ টেলিকমিউনিকেচন আৰু স্পেচ ল’ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে হায়দৰাবাদৰ নালছাৰ (নেচনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চ)ত।
চন্দ্ৰযান-৩ৰ প্ৰকল্প সঞ্চালক হৈছে পি বীৰমুথুৱেল। তেওঁ ভিল্লুপুৰমৰ ৰেলৱে স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ ব্যক্তিগত পলিটেকনিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আন এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ আই আই টি মাদ্ৰাজৰ পৰা পি এইচ ডি লাভ কৰিছিল।
চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালক কল্পনা কালাহস্তীৰ জন্ম বাংগালুৰুত। আই আই টি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰী। তাতেই তেওঁ এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচনত বিটেক কৰে। এই বিজ্ঞানীসকলৰ সাফল্যৰ বাবেই চন্দ্ৰযান-৩ সফলতাৰ শিখৰত উপনীত হৈছে।