সাগৰীয় ঘূর্ণী ৰেমালৰ প্ৰভাৱ পৰিছে পশ্চিমবংগত ৷ ইতিমধ্যে ইয়াৰ প্ৰভাৱত কলকাতাকে ধৰি বিভিন্ন স্থানত বতাহ-বৰষুণ আৰম্ভ হৈছে ৷ সোমবাৰেও কলকাতাতো ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত বৰষুণৰ সম্ভাৱনা আছে। আঠখন জিলাত জাৰি কৰা হৈছে কমলা ৰঙৰ সতৰ্কতা।
সোমবাৰে ৰাজ্যৰ দুখন জিলাতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মুৰ্ছিদাবাদ আৰু নাদিয়াত প্ৰচণ্ড বৰষুণ হ’ব পাৰে । ধুমুহাৰ গতিবেগ প্ৰতি ঘণ্টাত ৬০ৰ পৰা ৭০ কিলোমিটাৰ হ’ব পাৰে। সাময়িকভাৱে ধুমুহা বতাহৰ গতিবেগ ৮০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। এই দুখন জিলাত সোমবাৰে ৭ৰ পৰা ২০ চে:মি: বৰষুণৰ সম্ভাৱনা আছে।
কলকাতাৰ বাহিৰেও হাওৰা, হুগলী, উত্তৰ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, পূব বুৰ্ডৱান, পশ্চিম বুৰ্ডৱান আৰু বীৰভূমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। এই জিলাসমূহত ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ ধুমুহা হ’ব পাৰে।
দেওবাৰে নিশা বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূলত আঘাত হানে ৰেমাল ঘূৰ্ণীবতাহে। বাংলাদেশৰ মংগলাৰ পৰা সাগৰ দ্বীপ আৰু খেপুপাৰাৰ মাজত স্থলপথত প্ৰৱেশ কৰিছিল ধুমুহাই। প্ৰায় চাৰি ঘণ্টা ধৰি চলি আছে ‘লেণ্ডফ’ল’ প্ৰক্ৰিয়া। ঘূৰ্ণীবতাহৰ প্ৰভাৱত উপকূলীয় অঞ্চলৰ ক্ষতিসাধন হৈছে। কলকাতা মহানগৰীত বহু ঠাইত গছ বাগৰি, বিদ্যুতৰ খুঁটা ভাঙি পৰে ৷ বতৰ কার্যালয়ৰ তথ্য অনুসৰি কেৱল কলকাতাতে নিশা ১৪৪ মিলিমিটাৰ বৰষুণ হয়৷ ফলত সোমবাৰে পুৱাৰে পৰা মহানগৰীত মেট্ৰ’ সেৱা ব্যাহত হোৱাৰ লগতে ছিলডা দক্ষিণ শাখাতো ৰে’লৰ চলাচল বন্ধ হৈ পৰিছে।
মঙলবাৰৰ পৰা দক্ষিণ বংগত দুৰ্যোগৰ অন্ত পৰিব পাৰে। বতৰ কাৰ্যালয়ৰ পূৰ্বাভাস অনুসৰি সোমবাৰৰ পৰা বৰষুণ হ্ৰাস পাব। মঙলবাৰৰ পৰা নামনি কোনো জিলাত বৰষুণৰ সম্ভাৱনা নাই। সোমবাৰে পুৱা ৰেমালে শক্তি হেৰুৱাই স্বাভাৱিক ঘূৰ্ণীবতাহত পৰিণত হয়। ই বাংলাদেশৰ ওপৰত অৱস্থিত। ই ক্ৰমান্বয়ে আৰু উত্তৰ-পূব দিশলৈ আগবাঢ়িছে। অৱশ্যে সোমবাৰেও দক্ষিণ বংগৰ উপকূলত ধুমুহাময় বতাহ বলি আছে। অবিৰতভাৱে বৰষুণ দি আছে।
ৰেমালৰ প্ৰভাৱত অসমসহ উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহতো বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে যোৱা নিশা ৰাজ্যত বৰষুণ হৈছে ৷ অহা ৩০ মে’লৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷