ডিমৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে পিতৃক ৷ ধীৰাজ দাস নামৰ যুৱকজনৰ আক্ৰমণত নিহত হয় পিতৃ প্ৰেমানন্দ দাস ৷ এই ঘটনা ডিমৰীয়াৰ দুৰুঙৰ ৩নং ঔজাৰীত সংঘটিত হৈছে।
জানিব পৰা মতে, বুধবাৰে দুপৰীয়া কোনো এক বিষয়ক লৈ পিতা-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ খঙৰ বশৱর্তী হৈ ধীৰাজ দাসে পিতৃ প্ৰেমানন্দ দাসক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে । ইয়াৰ ফলত গুৰুতৰভাৱে আহত হয় প্ৰেমানন্দ দাসে ৷ পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ আন সদস্যই গুৰুতৰভাৱে আহত প্ৰেমানন্দ দাসক জিএমচিএইচলৈ লৈ আহে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।
উল্লেখ্য যে, এই নৃশংস ঘটনা সন্দৰ্ভত স্থানীয় লোকে নিশা ক্ষেত্ৰী আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতেই ক্ষেত্ৰী আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত ধীৰাজ দাসক আটক কৰে। বৰ্তমান ক্ষেত্ৰী আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।