ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমৰ “প্ৰণালীবদ্ধ হস্তক্ষেপ” বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ৷
লোকসভাত আজি ভাষণ প্ৰদান কৰি গান্ধীয়ে এই আহ্বান জনায় ৷ফেচবুকে আন ৰাজনৈতিক দলৰ তুলনাত বিজেপিৰ পৰা নিৰ্বাচনী বিজ্ঞাপনৰ বাবে কম ধন লৈছিল বুলি আল জাজিৰা আৰু ৰিপ’ৰ্টাৰ্ছ কালেক্টিভে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ বিষয়ে ভাষণত উল্লেখ কৰে গান্ধীয়ে । তেওঁ কয় -“মই চৰকাৰক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচনী ৰাজনীতিত ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমৰ প্ৰণালীবদ্ধ হস্তক্ষেপ আৰু প্ৰভাৱ বন্ধ কৰিবলৈ অনুৰোধ জনাইছো। এয়া দলগত ৰাজনীতিৰ উর্ধত ৷ ক্ষমতাত কোন আছে সেয়া বিচাৰ নকৰাকৈ আমি আমি গণতন্ত্ৰ আৰু সামাজিক সম্প্ৰীতি সুৰক্ষিত কৰিব লাগিব ৷”