মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টিসমূহৰ অন্যতম হৈছে বৃন্দাবনী বস্ত্ৰ ৷ কিন্তু দুর্ভাগ্যজনকভাৱে এই বস্ত্ৰভাগৰ সৌন্দর্য্য উপভোগৰ পৰা বঞ্চিত হৈছে অসমবাসী ৰাইজ ৷ কিয়নো সুদূৰ লণ্ডনত সংগৃহীত হৈ আছে বৃন্দাবনী বস্ত্ৰ । অসমৰ পৰা ব্ৰিটিছে লৈ গৈছিল বৃন্দাবনী বস্ত্ৰ ৷ কিন্তু বৃন্দাবনী বস্ত্ৰন কেনেকুৱা বা ইয়াৰ মাহাত্ম্য কি সেয়া পুনৰ এবাৰ অনুধাৱন কৰিব পাৰিব অসমৰ ৰাইজে ৷ শ্ৰী শ্ৰীদক্ষিণপাট সত্ৰৰ মুখ্য পৃষ্ঠপোষকতাত অনুকৃতিমূলকভাৱে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
সত্ৰখনৰ ফালৰ পৰা লোৱা এই পদক্ষেপৰ বিৰোধিতাৰে প্ৰথমে অসম সত্ৰ মহাসভাই আদালতৰ দ্বাৰস্থ হয় ৷গুৰুজনাৰ অমৰ সৃষ্টিৰ মৰ্যদা হ্ৰাস হোৱাৰ সন্দেহত আদালতৰ দ্বাৰস্থ হৈছিল ৷ পৰৱর্তী সময়ত বস্ত্ৰখন প্ৰস্তুতৰ মূল তত্ব তথা শুদ্ধ উপস্থাপনৰ আশ্বাস প্ৰদানৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাত পুনৰ দক্ষিণপাট সত্ৰ এই কামত অগ্ৰসৰ হৈছে ৷ সত্ৰাধিকাৰ ড৹ ননীগোপাল দেৱগোস্বামীৰ নেতৃত্বত তথা নিখিল ৰঞ্জন ৰাজখোৱা, পীয়ুষ চন্দ্ৰ দাস আৰু ড০ প্ৰদুম্ন্য গোস্বামীৰ উপস্থিতিত সত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞজনৰ সহযোগিতাত বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতকৰণৰ বাবে এখনি সমিতি গঠন কৰা হৈছে ৷ প্ৰতিখন জিলাৰ পৰা কমিটীত সদস্য নিয়োজিত কৰা হ’ব ৷
উল্লেখযোগ্য যে ২০২৬ চনৰ ভিতৰত বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্ৰ থলুৱা শিপিনীৰ জৰিয়তে বয়ন কৰি ৰাইজলৈ মুকলি কৰিবলৈ চেষ্টা কৰা হ’ব বুলি জানিবলৈ দিছে সত্ৰাধিকাৰগৰাকীয়ে ৷ সমূহ অসমবাসীৰে সহায় সহযোগিতা কামনা কৰিছে তেওঁ ।