ক’ভিডত আক্ৰান্ত হৈছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী ৷ বিচিচিআইয়ে প্ৰকাশ কৰা অনুসৰি গাংগুলীৰ আৰটি-পিচিআৰ পৰীক্ষাৰ ৰিপর্ট পজিটিভ অহাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বর্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ কেবল সাৱধনতাৰ বাবেহে তেওঁক ভর্ত্তি কৰোৱা হৈছে হাস্পতালত ৷
উল্লেখ্য যে গাংগুলীয়ে ক’ভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে ৷ বিচিচিআইৰ অধ্যক্ষ হিচাপে যথেষ্ট সক্ৰিয় গাংগুলীয়ে বিভিন্ন দেশ শেহতীয়াকৈ ভ্ৰমণ কৰাৰ লগতে বিভিন্ন কার্যসূচীত ভাগ লৈছিল ৷ যোৱা নিশা গাংগুলীক উডলেণ্ড নাৰ্চিং হোমত ভর্ত্তি কৰোৱা হৈছে ৷ লক্ষণীয় যে বিগত সম্য়ছোৱাত শাৰিৰীক অসুস্থতাৰ বাবে তেওঁক কেইবাবৰো হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷ এই বর্ষতে হ্ৰদৰোগত আক্ৰান্ত হোৱা বাবে তেওঁক দুবাৰ হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷ কিছুদিন পূর্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলীও ক’ভিদত আক্ৰান্ত হৈছিল ৷
উল্লেখ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ৷ ইতিমধ্যে কেইবাখনো চহৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ দেশত যোৱা ২৪ ঘণ্টাত ৬,৩৫৮ জন লোক আক্ৰান্ত হৈছে ক’ভিডত ৷