গহপুৰৰ দক্ষিণ কলাবাৰী অঞ্চলৰ এজন সাংস্কৃতিক কৰ্মী হিচাপে কাম কৰি আহিছিল ৰাতুল পূজাৰীয়ে ৷ আশীৰ দশকৰ পৰাই তেওঁ সেই অঞ্চলত ৰাস, ভাওঁনা, মইনা পাৰিজাত আদি সাংস্কৃতিক অনুস্থান বোৰত সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছিল ৷ কিন্তু মাজতে তেওঁ কণ্ঠৰ ৰোগত আক্ৰান্ত হয় যাৰ বাবে তেওঁ এই অনুস্থান বোৰৰ পৰা আঁতৰি থাকিব লগাত পৰে ৷অঞ্চলটোৰ শিশু সকলক গীত, নৃত্য আদি শিকাইছিল ৰাতুল পূজাৰী নামৰ এই সংস্কৃতিবান ব্যক্তি গৰাকীয়ে ৷ গাঁৱত ৰাস হ’লে এখন পূৰ্ণাংগ ৰাসত প্ৰয়োজনীয়, অনন্ত শয্যাৰ সৰ্প, কালীয় দমনৰ সৰ্প, অঘাসুৰ, বকাসুৰ ইত্যাদিও নিজ হাতে তৈয়াৰ কৰিছিল তেওঁ ৷ ইয়াৰ উপৰিও ৰাসৰ গীতো গাইছিল ৷ গাঁৱৰে এখন অপ্ৰাদেশীকৃত স্কুলত ২০ বছৰ মান শিক্ষকতা কৰাৰ পিছত অৱশেষত যোৱা বছৰ তেওঁৰ চাকৰিটোও স্থায়ী হৈছিল ৷
কিন্তু হঠাৎ জীৱনৰ আদবাটতে সকলোকে কন্দুৱাই অৱশেষত তেওঁ গুছি গ’ল ৷কিন্তু তেখেতৰ কৰ্মৰে তেওঁ ৰৈ গ’ল সকলোৰে মনত ।তেখেতৰ এই অৱদানৰ বাবে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব সমগ্ৰ দক্ষিণ কলাবাৰীবাসী ।