দক্ষিণ কামৰূপৰ গ্ৰাম্য সমাজৰ প্ৰধান সামাজিক উৎসৱ সুঁৱৰি । সাধাৰণতে ব’হাগ মাহৰ নিৰ্দিষ্ট একোটা পুণ্য তিথিত দক্ষিণ কামৰূপৰ একোটা নিৰ্দিষ্ট অঞ্চলত প্ৰতিবছৰে উদযাপিত হৈ আহিছে ভক্তি আৰু আনন্দৰ সমাহাৰেৰে জাতীয় উৎসৱ সুঁৱৰি। অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান , নামঘৰ বা মন্দিৰ আদিক উৎসৱ উপলক্ষে সুন্দৰকৈ সজাই লোৱা হয়। সেই অঞ্চলৰ দেৱ-দেৱীৰ বিগ্ৰহবোৰ পৰম্পৰাগত নীতি-নিয়মেৰে ঢুলীয়া -খুলীয়াই ঢোল -খোল , বৰকাঁহ আদি বজাই হৰি কীৰ্তনেৰে নিৰ্দিষ্ট বেদীত স্থাপন কৰে আৰু সুঁৱৰি উৎসৱৰ লগত জড়িত হৈ থকা আধ্যাত্মিক তত্ত্বৰ জৰিয়তে লোক সমাজত ভক্তিৰ নিজৰা বৈ যায়।
ভগবন্ত শ্ৰী কৃষ্ণই ল’ৰালি কালত গকুলত কৰা আনন্দ দায়ক খেল – ধেমালি আদিৰ সোঁৱৰণীয়েই ‘ সুঁৱৰি’ বা ‘সৰি’ নামেৰে স্বীকৃতি পায়। অসমৰ জাতীয় উৎসৱ বিহুৰ দৰেই সুঁৱৰি উৎসৱত বসন্তৰ আগমনৰ আনন্দত ৰং – ফুৰ্তি , আনন্দ – উলাহেৰে মতলীয়া হৈ পৰিবলৈ ধৰিলে দক্ষিণ কামৰূপৰ সমগ্ৰ অঞ্চলবাসী।
সুঁৱৰি উৎসৱ উপলক্ষে শিশু কৃষ্ণ আৰু গোপিনী সকলৰ আকৰ্ষণীয় দধিমথন নৃত্য অনুষ্ঠিত কৰা হয়। ধৰ্মীয় পৰম্পৰা অনুসৰি উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি দহজনী সুন্দৰী কুমাৰী ছোৱালীয়ে সুন্দৰ সাজ পৰিধান কৰি মথনি মাৰিত ৰছী লগাই শ্ৰী কৃষ্ণৰ লীলা গীত গাই নৃত্য কৰি দধি মথে। সাধাৰণ জনগণে এই কুমাৰী ছোৱালীবোৰক গোপিনী জ্ঞান কৰি প্ৰণিপাত জনায়।
সুঁৱৰি উৎসৱত গোপিনী সকলৰ দধি মথনৰ লগতে শিশু কৃষ্ণ আৰু যশোদাৰ লীলা -কৌতুক সমূহো অভিনয় কৰি সকলোৱে ভক্তি আৰু বাৎসল্য ৰসত আপ্লুত হৈ আনন্দত মতলীয়া হৈ পৰে।
উৎসৱ থলীত দধি মথনৰ পিছত সেই অঞ্চলৰ বাৰ জন বালকক গোপাল জ্ঞান কৰি গোপালৰ সাজেৰে সুন্দৰকৈ সজাই ঢোল , খোল বজাই আয়তীৰ উৰুলি ধ্বনিৰে নীতি-নিয়মৰ মাজেৰে শোভাযাত্ৰা কৰি সুঁৱৰী স্থানলৈ আনি নিৰ্দিষ্ট আসনত বহুৱাই পূজা-অৰ্চনা কৰা হয়। লোক বিশ্বাস আছে যে সুঁৱৰি উৎসৱৰ এই বালক কেইজনক ভক্তি ভাৱেৰে পূজা কৰিলে ভক্তৰ মনোবাঞ্চা পুৰণ হয়।
সুঁৱৰি উৎসৱৰ আন এটি বিশেষত্ব হ’ল , হানাঘোঁৰা বা পাৰবাহ নৃত্যৰ প্ৰদৰ্শন। ধৰ্মীয় দিশৰ লগত সংগতি ৰাখি উপাস্য দেৱ-দেৱীৰ সন্তুষ্টিৰ কাৰণে এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়। তদুপৰি সুঁৱৰি উৎসৱত মনোৰঞ্জনৰ বাবে হাতী যুঁজ , ঘোঁৰা দৌৰ আদি প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ খেল-ধেমালি , নৃত্য-গীত আদি পৰিবেশণ কৰি সকলোৱে আনন্দত আত্মহাৰা হৈ থাকে।
এইদৰে ভক্তি আৰু বিভিন্ন ৰং-তামাচা , আনন্দ-ফুৰ্তিৰ মাজেৰে সুঁৱৰি উৎসৱ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক নিয়ম-নীতিৰে গোটেই দিনটো উদযাপিত কৰা হয়। সন্ধিয়া উৎসৱ থলীৰ বিগ্ৰহ সমূহ হৰিধ্বনি আৰু গীত-পদ গাই নিজ নিজ স্থানলৈ লৈ যায় আৰু আগৰ স্থানত স্থাপন কৰা হয়। আৰু লগে লগে অন্ত পৰে সকলোৰে অন্তৰত জোৱাৰ তোলা অতি আনন্দৰ অতি হেপাহৰ বহু আকাংক্ষিত সুঁৱৰি উৎসৱৰ।