দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়লে শপত গ্ৰহণ কৰিছে ৷ কোৰিয়া উপদ্বীপত চলি থকা তীব্ৰ উত্তেজনাৰ মাজত ইয়ুনে তেওঁৰ নতুন ৰাষ্ট্ৰপতি কাৰ্যালয়ত এটা ভূগৰ্ভস্থ বাংকাৰ স্থাপন কৰি তেওঁৰ কাম আৰম্ভ কৰিছিল। মাজনিশা যুটীয়া চীফ অফ ষ্টাফৰ কমাণ্ডাৰ-ইন-চীফ হিচাপে প্ৰথম সম্বোধন কৰি পাঁচ বছৰীয়া কাৰ্যকাল তেওঁ আৰম্ভ কৰে ৷ ইয়াৰ কেইঘণ্টামানৰ পিছত চিউলৰ নেচনেল এচেম্বলীত এক বিশাল অনুষ্ঠানত ইয়ুনে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
ৰাষ্ট্ৰপতি হিচাপে প্ৰথম ভাষণত ইয়ুনে কয় যে উত্তৰ কোৰিয়াৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি থাকিব। তেওঁ লগতে কয় যে দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এক বিশাল পৰিকল্পনা গ্ৰহণ কৰিলেহেতেন যদিহে ই পাৰমাণৱিক শক্তি মুক্তকৰণ সম্পূৰ্ণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। তেওঁ কয় -“যদিও উত্তৰ কোৰিয়াৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী কেৱল আমাৰ বাবে নহয় , বৰঞ্চ উত্তৰ-পূব এছিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি ৷ আলোচনাৰ বাবে দুৱাৰ সদায় মুকলি হৈ থাকিব যাতে আমি শান্তিপূৰ্ণভাৱে এই সমস্যাৰ সমাধান কৰিব পাৰো ৷” ৬১ বছৰীয়া ইয়ুনে মাৰ্চ মাহত অনুষ্ঠিত নির্বাচনত জয়লাভ কৰিছিল